২০১৮-১৯ বিত্তীয় বৰ্ষত ২৭ হাজাৰ কোটিৰ লোকচান শক্তি বিতৰণ কোম্পানীৰ

কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ মন্তব্য

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে দেওবাৰে মন্তব্য কৰিছে যে ২০১৮–১৯ বিত্তীয় বর্ষত দেশৰ শক্তি বিতৰণ কোম্পানীসমূহে ২৭ হাজাৰ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে৷ শক্তিমন্ত্রীজনে লগতে কয় যে অহা দুটা বছৰত বিদ্যুতৰ সৰবৰাহ আৰু বিতৰণৰ লোকচান ১৫ শতাংশলৈ হ্রাস কৰিবলৈ কেন্দ্রই লক্ষ্য স্থিৰ কৰি লৈছে৷ দেওবাৰে শক্তিমন্ত্রীজনে গোৱাৰ শক্তিমন্ত্রী মিলেছ কাব্রালক কলভালেৰ পাৱাৰ গ্রিড কর্প’ৰেচনৰ কাৰখানাত সাক্ষাৎ কৰে৷ বৈঠকৰ পাছত শক্তিমন্ত্রীজনে মন্তব্য কৰে– ‘২০১৮–১৯ বর্ষত শক্তি বিতৰণ কোম্পানীসমূহৰ মুঠ লোকচানৰ পৰিমাণ হ’ল ২৭ হাজাৰ কোটি৷ এয়া অতি বেছি৷ এই লোকচানৰ বাবে শক্তি বিতৰণ কোম্পানীসমূহ অত্যন্ত চাপত আছে৷’ তেওঁ আৰু কয় যে শক্তি বিতৰণ কোম্পানীসমূহ বিদ্যুৎ ক্রয়, মেৰামতি আদি বহু বিষয়ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ শক্তিমন্ত্রী আৰ কে সিঙে আৰু কয় যে সকলো ৰাজ্যৰ শক্তি বিতৰণ কোম্পানীসমূহৰ লোকচান হ্রাস কৰাৰ বাবে সহায় কৰিব৷ সিঙে আৰু কয় যে কিছু ৰাজ্যত বিদ্যুতৰ সৰবৰাহ আৰু বিতৰণৰ ক্ষেত্রত হোৱা লোকচান অত্যন্ত বেছি৷ বাণিজ্যিক লোকচান বিশেষকৈ মিটাৰিং, বিলিং আৰু বিল সংগ্রহৰ কথাও উল্লেখ কৰে৷ ‘যোৱা বর্ষত সৰবৰাহ আৰু বিতৰণৰ ক্ষেত্রত দেশৰ মুঠ লোকচানৰ পৰিমাণ হ’ল ১৮.৫ শতাংশ৷ অহা দুটা বছৰত আমি ইয়াক ১৫ শতাংশলৈ হ্রাস কৰিবলৈ বিচাৰোঁ৷’ –শক্তিমন্ত্রী আৰ কে সিঙে এইদৰে কয়৷

Comments (0)
Add Comment