২০১৯ ত ‘মন কি বাত’ অনুষ্ঠানত মোদীয়ে সৰ্বাধিক ব্যৱহাৰ কৰা শব্দটো কি জানেনে ?

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী । সকলোৱে ইতিমধ্যে ব্যস্ত হৈ পৰিছে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ । ইয়াৰ থিক ব্যতিক্ৰম নহয় ৰাজনৈতিক নেতাসকলো ।

পিচে ২০১৯ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত সৰ্বাধিক কি শব্দ ব্যৱহাৰ কৰিলে আপুনি জানেনে ?

এই বৰ্ষৰ ৯ টা খণ্ডৰ ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে “ইণ্ডিয়া” শব্দটো মুঠ ২২০ বাৰ ব্যৱহাৰ কৰে । যাৰ পিছতে “নেচন” (ৰাষ্ট্ৰ) শব্দটো মুঠ ৯৪ বাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে “ৱাটাৰ” (পানী) শব্দটো ৭৩ বাৰ ব্যৱহাৰ কৰে ।

FeaturedPM MODI
Comments (0)
Add Comment