২০২৫ৰ ভিতৰত ভাৰতে লাভ কৰিব এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা

ৰুছ ৰাষ্ট্রদূত নিক’লাই কুদাছেভৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ২০২৫ চনৰ ভিতৰতে ভাৰতে ৰাছিয়াৰ পৰা লাভ কৰিব মুঠ পাঁচটাকৈ এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা৷ ইতিমধ্যে এই পাঁচটা ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাৰ কাম আৰম্ভ কৰা হৈছে৷ শেহতীয়াকৈ ৰুছ বিদেশমন্ত্রী ছের্গেই লেভৰভে ভাৰত ভ্রমণৰ সময়ত এই সিদ্ধান্ত চূড়ান্ত হৈছিল৷ ভাৰতত থকা ৰুছ ৰাষ্ট্রপতি নিক’লাই কুদাছেভে শেহতীয়াকৈ এই কথা স্পষ্ট কৰিছে৷ কুদাছেভৰ উপৰি ৰুছ কূটনীতিক মিছনৰ উপ–মুৰব্বী ৰ’মান বাবুস্কিনে এই কথাও স্পষ্ট কৰিছে যে জম্মু–কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়৷ আজি নতুন দিল্লীত দুয়োগৰাকী কূটনীতিকে ৰুছ আৰু ভাৰতৰ দ্বি–পাক্ষিক প্রতিৰক্ষা সহযোগিতা চুক্তি সন্দর্ভত বিভিন্ন তথ্যও সদৰী কৰিছে৷ অকল সেয়াই নহয়, ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াই কেতিয়াও কাশ্মীৰ বিষয়ক আলোচনা হোৱাটো নিবিচাৰে বুলি দুয়োগৰাকী কূটনীতিকে স্পষ্ট কৰি দিছে৷ কাশ্মীৰ সদায় ভাৰত আৰু পাকিস্তানৰ দ্বি–পাক্ষিক বিষয় বুলি উল্লেখ কৰি এই বিষয়টো দ্বি–পাক্ষিক আলোচনাৰ মাজেৰে দেশ দুখনে সমাধান কৰিব লাগিব বুলিও স্পষ্ট কৰিছে কুদাছেভে৷ স্মর্তব্য যে ভাৰত আৰু ৰাছিয়াৰ মাজৰ প্রতিৰক্ষা সহযোগিতা চুক্তিক লৈ উদ্বেগ প্রকাশ কৰি আহিছে আমেৰিকাই৷

Comments (0)
Add Comment