২২ জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী

পুৱা ৭ বজাত ফাঁচি দিয়া হ'ৱ ৪ দোষীক

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক ফাঁচী। ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচী দিয়া হ’ব ধৰ্ষণকাৰী-হত্যাকাৰী মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় ঠাকুৰক। ৭ বছৰৰ অপেক্ষাৰ অন্তত ফাঁচী দিয়া হ’ব আটাইকেইটা ধৰ্ষণকাৰীক। ইতিমধ্যে DEATH WARRANT জাৰি আদালতৰ। আনহাতে দোষীৰ ক্ষমা আবেদন নাকচ কৰি মৃত্যুদণ্ডৰ ৰায় দিছিল পাটিয়ালা হাউছ ক’ৰ্টে। মোৰ ছোৱালীয়ে ন্যায় পালে আৰু এয়া ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ জয় বুলি মন্তব্য কৰে নিৰ্ভয়াৰ মাতৃয়ে।

 

নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচি
Comments (0)
Add Comment