২৭ বছৰ বয়সত মৃত্যু হ’ল বিশ্বৰ সকলোতকৈ চাপৰ ব্যক্তি খগেন্দ্র থাপা মগৰৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ শুকুৰবাৰে মৃত্য হয় এসময়ৰ বিশ্বৰ সবাতোকৈ চুটি ব্যক্তি খগেন্দ্র থাপা মগৰৰ । ১৯৯২ চনত জন্মগ্ৰহণ কৰা থাপাৰ ২৭ বছৰ বয়সত এখন চিকিৎসালয়ত মৃত্যু হয় ।

মগৰ দীৰ্ঘদিনৰ পৰা নিমোনিয়াত আক্ৰান্ত হৈ থকাত শেহতীয়াকৈ তেওঁক পোখৰা মণিপাল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু আজি লোকজনে শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে থাপা মাত্র ৬৭ ছেন্টিমিটাৰ উচ্চতা আৰু প্রায় ৬ কেজি ওজনৰ আছিল । যাৰ বাবে ২০১০ চনত তেওঁৰ নাম আটাইতকৈ কম উচ্চতাৰ লোক ৰূপে গিনীজ ৱর্ল্ড ৰেকর্ডত সন্নিৱিষ্ট হৈছিল ।

অৱশ্যে থাপাই এই সন্মান যোৱা বছৰ হেৰুৱাব লগীয়া হয় । কিয়নো এবছৰ পূৰ্বে ফিলিপাইনছৰ ৫৯.৯৩ ছেন্টিমিটাৰ উচ্চতা আৰু প্রায় ৫ কেজি ওজনৰ জুনৰে বালাউইংগ নামৰ লোকজনে গিনীজ ৱর্ল্ড ৰেকর্ডত বিশ্বৰ সবাতোকৈ চুটি ব্যক্তি নিজৰ নাম সন্নিৱিষ্ট কৰে ।

Comments (0)
Add Comment