৩৮ দিনৰ ব্যৱধানত পুনৰ দ্বিতীয়বাৰলৈ উপমুখ্যমন্ত্ৰীৰ দায়িত্ব ল’লে অজিত পাৱাৰে

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ সোমবাৰে শিৱসেনা, এনছিপি আৰু কংগ্রেছৰ মুঠ ৩৬ জন নেতাই মহাৰাষ্ট্র চৰকাৰৰ মন্ত্রী ৰূপে শপত লয়। য’ত অজিত পাৱাৰে ৩৮ দিনৰ ব্যৱধানত পুনৰ দ্বিতীয়বাৰলৈ উপমুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে ।

উল্লেখ্য যে শিৱসেনা-এনছিপি-কংগ্রেছ মিত্ৰজোঁট চৰকাৰ গঠনৰ পূৰ্বে অজিত পাৱাৰে বিজেপিৰ পক্ষত থাকি ২৩ নৱেম্বৰত উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিছিল । পিছত শিৱসেনা-এনছিপি-কংগ্ৰেছৰ মিত্ৰজোঁটৰ অংশ হোৱাৰ বাবে ২৬ নৱেম্বৰত তেওঁ এই পদৰ পৰা পদত্যাগ কৰিছিল ।

Comments (0)
Add Comment