৪৩ বছৰ পিছত কিউবাত প্রধানমন্ত্রী নিযুক্তি

মানুৱেল মাৰেৰ’ ক্রুজক আদৰণি ৰাষ্ট্রপতি মিগুৱেল ডিয়াজ–কানেলৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ সুদীর্ঘ চাৰি দশকতকৈ অধিককাল পিছত প্রথমবাৰলৈ প্রধানমন্ত্রী নিযুক্তি দিয়া হৈছে আটলাণ্টিক দ্বীপ ৰাষ্ট্র কিউবাত ৷ ১৯৭৬ চনত তেতিয়াৰ ৰাষ্ট্রপতি তথা বিপ্লৱী নেতা ফিডেল কাষ্ট্রোৱে দেশখনত প্রধানমন্ত্রী পদৰ বিলুপ্তি ঘটাইছিল ৷ সুদীর্ঘ ৪৩ বছৰ পিছত বর্তমানৰ ৰাষ্ট্রপতি মিগুৱেল ডিয়াজ–কানেলে দেশখনত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিছে মানুৱেল মাৰেৰ’ ক্রুজক ৷

স্মর্তব্য যে চলিত বর্ষত দেশখনত সংবিধানৰ সংশোধন ঘটাই প্রধানমন্ত্রী পদৰ সৃষ্টি কৰা হৈছিল ৷ কমিউনিষ্টশাসিত কিউবাত ৫৬ বছৰীয়া মানুৱেল মাৰেৰ’ ক্রুজক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ পিছত ৰাষ্ট্রপতিৰ কিছু দায়িত্ব নেতাগৰাকীৰ ওপৰত ন্যস্ত কৰা হৈছে ৷ দেশখনৰ চৰকাৰী অনলাইন নিউজ আউটলেট কিউবাডিবেটে উল্লেখ কৰা অনুসৰি, চৰকাৰৰ নতুন মুৰব্বী এই প্রধানমন্ত্রীগৰাকী হ’ব ৰাষ্ট্রপতিৰ প্রশাসনীয় সোঁহাতস্বৰূপ ৷

উল্লেখনীয় যে প্রধানমন্ত্রীৰ দায়িত্ব লাভৰ পূর্বে মানুৱেল মাৰেৰ’ ক্রুজে পর্যটন মন্ত্রীৰ দায়িত্ব পালন কৰিছে ৷ দেশখনৰ সংসদত দেওবাৰে মাৰেৰ’ৰ নিযুক্তিক সকলো প্রতিনিধিয়ে সমর্থন জনাইছে ৷ দেশখনৰ কমিউনিষ্ট পার্টীৰ শীর্ষ নেতাসকলৰ উপৰি প্রাক্তন ৰাষ্ট্রপতি ৰাউল কাষ্ট্রোৱেও মানুৱেল মাৰেৰ’ ক্রুজক প্রধানমন্ত্রী হিচাপে আদৰণি জনাইছে ৷

ইফালে, প্রধানমন্ত্রী ক্রুজে বিপ্লৱী কিউবাৰ কমিউনিষ্ট পার্টীৰ প্রতি আস্থা আৰু সন্মান অটুট ৰাখিব বুলি ৰাষ্ট্রপতি মিগুৱেল ডিয়াজ–কানেলে ঘোষণা কৰিছে ৷ ১৯৫৯ চনত স্বৈৰাচাৰী বেটিষ্টা চৰকাৰক উৎখাত কৰি ফিডেল কাষ্ট্রোৱে দেশখনত গঠন কৰিছিল বিপ্লৱী চৰকাৰ ৷ আটলাণ্টিক দ্বীপ ৰাষ্ট্রখনত কেইবাটাও দশক ৰাষ্ট্রপতিৰ দায়িত্ব পালন কৰা ফিডেল কাষ্ট্রোৱে শিক্ষা, স্বাস্থ্যকে ধৰি বিভিন্ন বিষয়ত নজিৰবিহীন উন্নয়ন সম্ভৱ কৰি তুলিছিল ৷

Comments (0)
Add Comment