৪৮ লাখ বয়োজ্যেষ্ঠৰ বাসভূমি ৰাজ্যখন কি জানেনে?

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ দেশৰ ভিতৰতে কেৰালা গৰিষ্ঠসংখ্যক বয়োজ্যেষ্ঠ লোকৰ বাসভূমি হিচাপে চিহ্ণিত হৈছে৷ উল্লেখনীয় যে ২০১৯ৰ অর্থনৈতিক পর্যালোচনাত এই তথ্য পোহৰলৈ আহিছে৷ আজি কেৰালাৰ বিত্তমন্ত্রী থমাছ আইজাকে বিধানসভাত ঘোষণা কৰে যে ১৯৮০ চনৰ পৰা ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ বাসভূমি হিচাপে কেৰালা সদায় শীর্ষ স্থানত আছে৷ স্মর্তব্য যে কেৰালাত পুৰুষৰ গড় আয়ু বর্তমান ৭২.৫ বছৰ৷ ইফালে, মহিলাৰ গড় আয়ু বর্তমান ৭৭.৮ বছৰ৷ ১৯৮০ চনত ৰাজ্যখনত বৃদ্ধ লোকৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ ১০.৫ শতাংশ৷ বর্তমান ৰাজ্যখনত ৪৮ লাখ লোকৰ বয়স ৬০ বছৰৰ ঊর্ধ্বত৷ এই লোকসকলৰ ১৫ শতাংশই অতিক্রম কৰিছে ৮০ বছৰ বয়সৰ সীমা৷ অর্থনৈতিক পর্যালোচনা অনুসৰি বৃদ্ধ লোকৰ বাসভূমি হিচাপে ভাৰতৰ অন্য ৰাজ্যসমূহতকৈ বহুত আগত আছে কেৰালা৷ স্মর্তব্য যে আজি ৰাজ্যখনত বিত্তমন্ত্রীয়ে আগন্তুক বিত্তীয় বর্ষৰ বাবে দাখিল কৰিছে সাধাৰণ বাজেট৷ এই বাজেটখনত বিভিন্ন অভিলাষী আঁচনিৰ উপৰি কেৰালাত এহাজাৰখন নতুন কুদুম্বাশ্রী হোটেল স্থাপনৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ এই হোটেলবোৰত ২৫ টকাতে পোৱা যাব এসাঁজ কেৰালিয়ান আহাৰ৷

Featured
Comments (0)
Add Comment