৫ বাৰৰ অন্তত কণিকা কাপুৰৰ দেহত COVID19 নিগেটিভঃ যাব পাৰিবনে ঘৰলৈ ?

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ অৱশেষত যেন ভাল খবৰ আহিল বলীউডৰ বেবী ডল খ্যাত গায়িকা কণিকা কাপুৰলৈ । শনিবাৰে পঞ্চমটো পৰীক্ষাৰ অন্তত কণিকা কাপুৰৰ দেহত COVID19 নিগেটিভ পোৱা গৈছে ।

উল্লেখ্য যে লক্ষ্ণৌৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা গায়িকাগৰাকীৰ ইয়াৰ পূৰ্বে ৪ টাকৈ পৰীক্ষাত তেওঁৰ দেহত ওলাইছিল COVID19 পজিটিভ।

অৱশ্যে এতিয়াই চিকিৎসালয় এৰিব নোৱাৰিব কণিকা কাপুৰে । কিয়নো আৰু এটা পৰীক্ষাত নিগেটিভ আহিলেহে চিকিৎসালয়ৰ পৰা ঘৰমুৱা হ’ব পাৰিব বেবী ডল কণিকা কাপুৰ ।

Comments (0)
Add Comment