৬ খনকৈ পৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিন নিৰ্মাণ কৰিব ভাৰতীয় নৌসেনাই !

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ভাৰতীয় নৌসেনাই পানীৰ তলত শক্তি বৃদ্ধিৰ বাবে ১৮ খন প্রচলিত আৰু ৬ খন পাৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

ভাৰতীয় নৌসেনাই আৰিহান্ট ক্লাস এছএছবিএন-ৰ লগতে ৬ খন পৰমানৱিক শক্তি সম্পন্ন চাবমেৰিন তৈয়াৰৰ পৰিকল্পনা কৰিছে যি পাৰমাণৱিক ক্ষেপণাস্ত্রৰ দ্বাৰা সজ্জিত ।

বর্তমান নৌসেনাই ৰাছিয়াত নিৰ্মিত কিলো ক্লাছ, জার্মানত নিৰ্মিত এইচডিডাব্লু ক্লাছ আৰু পাৰমাণৱিক শক্তিসম্পন্ন ফৰাছি স্কার্পীন-ক্লাছৰ চাবমেৰিন পৰিচালনা কৰিছে ।

নৌসেনাৰ সূত্ৰই জনোৱা মতে বিগত ১৫ বছৰত স্কাৰ্পীন-ক্লাছৰ চাবমেৰিনৰ ভিতৰত আইএনএছ কালভৰি আৰু আইএনএছ খন্দৰী সহ মাত্র দুখন নতুন প্রচলিত চাবমেৰিন অন্তর্ভুক্ত কৰা হৈছে।

নৌসেনাৰ ‘প্ৰজেক্ট ৭৫ ইণ্ডিয়া’ৰ অধীনত ছখন নতুন চাবমেৰিন তৈয়াৰৰ পৰিকল্পনাৰ ওপৰত কাম কৰি আছে । য’ত নৌসেনাই ভাৰতীয় কোম্পানী আৰু বিদেশী যন্ত্রপাতি প্রস্তুতকাৰী সংস্থাৰ দ্বাৰা এই পৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিন নিৰ্মাণ কৰিব ।

আনহাতে এই প্রকল্পটো কৌশলগত অংশীদাৰিত্ব নীতিৰ অধীনত আৰম্ভ কৰা হ’ব।

FeaturedINDIAN NAVYভাৰতীয় নৌসেনা
Comments (0)
Add Comment