ৰাজহুৱা বেংকত ৯৫,৭৬০ কোটিৰ প্ৰৱঞ্চনা

২০১৯-২০ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত সংঘটিত তথ্য লোকসভাত দাখিল বিত্তমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) ৰাজহুৱা খণ্ডৰ বেংকসমূহত সংঘটিত কেলেংকাৰী-অনিয়ম প্ৰতিৰোধৰ বাবে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজহুৱা খণ্ডৰ বেংকত সংঘটিত হৈ আছে প্ৰৱঞ্চনা । ২০১৯-২০ বিত্তীয় বৰ্ষৰ মাৰ্চ মাহৰ সামৰণিত প্ৰথম ছয় মাহতে ৰাজহুৱা খণ্ডৰ বেংকত ৯৫,৭৬০ কোটি টকাৰ (১৩.৩৪ বিলিয়ন মাৰ্কিন ডলাৰ) প্ৰৱঞ্চনা সংঘটিত হৈছে বুলি মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত তথ্য দাখিল কৰে । চলিত শীতকালীন অধিৱেশনত মঙলবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লিখিত বিত্তীয় বৰ্ষটোত ৯৫,৭৬০ কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হোৱা বুলি তথ্য দাখিল কৰাৰ লগতে এপ্ৰিল-ছেপ্টেম্বৰ মাহত প্ৰৱঞ্চনা গোচৰৰ সংখ্যাই ৫,৭৪৩ স্পৰ্শ কৰিছে বুলিও উল্লেখ কৰে । উচ্চ সদনত বিত্তমন্ত্ৰীগৰাকীয়ে এই তথ্য দাঙি ধৰি কয় যে, চৰকাৰে বেংকৰ এই প্ৰৱঞ্চনাৰ ঘটনা নিৰ্মূল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, বিগত দুটা বিত্তীয় বৰ্ষত প্ৰৱঞ্চনাৰ ঘটনা নিৰ্মূল কৰা পদক্ষেপৰ বাবেই ৩,৩৮,০০০ টা বেংক কোম্পানীৰ বেংক একাউণ্ট জব্দ কৰা হৈছে । লক্ষণীয় যে, বেংকত সংঘটিত জালিয়াতি আৰু প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে অৰ্থনৈতিক অপৰাধীৰ সম্পত্তি জব্দ কৰাৰ বাবে পূৰ্বৰ আইন সংশোধন কৰি নতুন আইন বলৱৎ কৰা হৈছে । মন কৰিবলগীয়া যে, আৰ বি আয়ে ২০১৯ বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ বেংকত অভাৱনীয় ৰূপত বৃদ্ধি পোৱা ৬,৮০১ প্ৰৱঞ্চনাৰ ঘটনাত ৭১,৫০০ কোটি টকাৰ তথ্য দাখিল কৰিছিল । বেংকে দাখিল কৰা তথ্য মতে এইবেলি বিত্তীয় বৰ্ষত প্ৰৱঞ্চনাৰ গোচৰ বৃদ্ধি পোৱাৰ লগতে টকাৰ পৰিমাণো ৮০ শতাংশ বৃদ্ধি পাইছে ।

Featured