ৰাষ্ট্ৰপতিৰ পৰা বিগ বি অমিতাভ বচ্চনে গ্ৰহণ কৰিলে দাদা চাহেব ফাল্কে বঁটা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ দেওবাৰে প্রবীণ অভিনেতা অমিতাভ বচ্চনক প্ৰদান কৰা হয় দাদা চাহেব ফাল্কে বঁটা । ৰাষ্ট্ৰপতিভৱনত অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে ৰাষ্ট্রপতি ৰাম নাথ কোবিন্দে ।

বঁটা গ্ৰহণৰ সময়ত বিগ বি

ইপিনে এই বঁটা গ্ৰহণৰ পিছত অভিনেতাগৰাকীয়ে মন্তব্য কৰি কয়- “যেতিয়া এই বঁটা ঘোষণা কৰা হৈছিল, তেতিয়াই মোৰ মনত এটা সন্দেহভাৱ হৈছিল যে এতিয়া কি মই ঘৰত বঢ়ি আৰাম কৰাৰ সময় আহি পৰিল নেকি ? কিয়নো এতিয়াও মোৰ বহু কাম কৰিবলগীয়া আছে আৰু আগলৈও মোৰ কাম কৰাৰ ইচ্ছা আছে ।”

ছবিজগতত তেওঁৰ অক্লান্ত অবদানৰ বাবে চলচ্চিত্র জগতৰ সর্বোচ্চ সম্মান দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে এই বঁটাত আছে স্বৰ্ণকমল আৰু ১০ লাখ টকাৰ নগদ ধন ।

Amitabh BachchanFeatured
Comments (0)
Add Comment