তিহাৰ কাৰাগাৰত আতংক : এইচআইভিত আক্রান্ত ১২৫জন কয়েদী

🔹 জটিল চর্মৰোগত ভুগি আছে ২০০জন বন্দীয়ে

🔹 জে’লখনত আছে দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালকে ধৰি বহু ভিভিআইপি

বিশেষ বাৰ্তা, ২৮ জুলাই : দেশৰ ৰাজধানী মহানগৰ দিল্লীৰ তিহাৰ কাৰাগাৰত এইচআইভিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই মাৰণ ৰোগত আক্রান্ত হৈছে ১২৫জন বন্দী৷ এইচআইভিৰ লগতে দুশজন বন্দী জটিল চর্ম ৰোগতো আক্রান্ত হৈছে৷ কিছুদিন পূর্বে কাৰাগাৰৰ ১০,৫০০ বন্দীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷ ইয়াৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷ স্বাভাৱিকতেই এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ কাৰণ এই কাৰাগাৰতেই বন্দী হিচাপে আছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতা তথা ভিভিআইপি৷ দিল্লীৰ তিহাৰ কাৰাগাৰৰ অভ্যন্তৰতে আছে আৰু দুখন কাৰাগাৰ ৰোহিণী আৰু মণ্ডলী৷ আটাইকেইখন কাৰাগাৰত বন্দীৰ সংখ্যা ১৪,০০০৷ শেহতীয়াকে তিহাৰ কাৰাগাৰৰ সঞ্চালকপ্রধানৰ দায়িত্ব লাভ কৰিছে সতীশ গোলছাই৷ দায়িত্ব গ্রহণৰ পিছতে ১০,৫০০ বন্দীৰ স্বাস্থ্য পৰীক্ষা কৰায় গোলছাই৷ তেতিয়াই পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য৷

Featured