ক’ভিড ভেকচিনৰ ২০ কোটি ড’জ নষ্ট কৰিব লাগিব, কিয় ক’লে ভেকচিন নিৰ্মাতা আদৰ পুনাৱালাই

বিশেষ বাৰ্তা, ২৪ মেঃ ভাৰতৰ ‘ভেকচিন প্ৰিন্স’ বুলি জনপ্ৰিয় ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) আদৰ পুনাৱালাই ক’ভিড ভেকচিন সন্দৰ্ভত এক চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে। দেশৰ সৰ্ববৃহৎ ভেকচিন নিৰ্মাতা আদৰ পুনাৱালাৰ কোম্পানীয়ে ক’ভিড-১৯ ভেকচিনৰ ক’মেও ২০ কোটি ড’জ নষ্ট কৰিব লাগিব। ডাভোছত এটা নিউজ চেনেলৰ সৈতে বিশেষ বাৰ্তালাপত এই কথা নিজেই কৈছে পুনাৱালাই। তেওঁ কয় যে কমেও ২০ কোটি বা ২০ কোটি ড’জ ক’ৰোনা ভেকচিন নষ্ট কৰিব লাগিব। কাৰণ, চলিত বৰ্ষৰ আগষ্ট-ছেপ্টেম্বৰৰ ভিতৰত এইবোৰৰ ম্যাদ উকলি যাব। প্ৰাপ্তবয়স্কৰ বাবে ক’ভিশ্বিল্ডৰ পিছত ছিৰামে ১২ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে ক’ভ’ভেক্স ভেকচিন প্ৰস্তুত কৰে। তদুপৰি ২ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ বাবে এই ভেকচিনৰ সৈতে জড়িত সকলো গৱেষণামূলক নথি-পত্ৰও কোম্পানীটোৱে ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল (ডিচিজিআই)ক অৰ্পণ কৰিছে।

Featured