জিলা কাৰাগাৰত এইচআইভিত আক্রান্ত ৬৩জন কয়দী

🔹 স্বাস্থ্য পৰীক্ষাৰ পিছতে জে’ল কর্তৃপক্ষৰ নিদ্রাহৰণ

বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰী : কাৰাগাৰৰ ভিতৰতে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্রান্ত ৰোগীৰ সংখ্যা৷ শেহতীয়া স্বাস্থ্য পৰীক্ষাত নতুনকৈ ৬৩জন বন্দী এইচ আই ভিত আক্রান্ত হোৱাটো ধৰা পৰিছে৷ উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ এখন জিলা কাৰাগাৰত এইচ আই ভি আক্রান্ত মুঠ ৰোগীৰ সংখ্যা ৬৩জনলৈ বৃদ্ধি পাইছে৷ পৰিসংখ্যা পোহৰলৈ অহাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰাগাৰখনত৷ বন্দীসকলৰ মাজত সৃষ্টি হৈছে আতংক৷ ইফালে, কাৰাগাৰ কর্তৃপক্ষৰো নিদ্রাহৰণ কৰিছে এই তথ্যই৷ কাৰাগাৰৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে যোৱা ছেপ্টেম্বৰৰ পৰা এইচ আই ভি টেষ্টিং কিট পোৱা নাছিল৷ ডিচেম্বৰত টেষ্টিং কিট পোৱাৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় বন্দীসকলৰ৷ এই পৰীক্ষাত নতুনকৈ ৬৩গৰাকী বন্দী এইচআইভিত আক্রান্ত হোৱা বুলি ধৰা পৰিছে৷

Featured