৯১ বছৰত ভৰি দিলে লতা মংগেশকাৰে

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ৯১ বছৰত ভৰি দিলে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। নাইটিংগেল অৱ ইণ্ডিয়া খ্যাত লতা মংগেশকাৰক দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা অলেখ শুভাকাংক্ষীয়ে আজি ছ’চিয়েল মিডিয়াযোগে শুভেচ্ছা জনায়।

সংগীত জগতত ১৩ বছৰ বয়সতে খোজ পেলোৱা গায়িকাগৰাকীৰ জন্ম হৈছিল ১৯২৯ চনত মধ্যপ্ৰদেশৰ ইন্দোৰত। এতিয়ালৈ ৩৬টা ভাষাত প্ৰায় ৫০,০০০ গান গোৱা গায়িকাগৰাকীয়ে ১৯৭০ চনতে ভিন্ন ভাষাত সৰ্বাধিক গীত গোৱাৰ বাবে গীনীজ বুকত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য ২০০১ চনত ভাৰত ৰত্ন বঁটাৰে চৰকাৰে সন্মানিত কৰিছিল সংগীতশিল্পীগৰাকীক।