বান্ধৱীৰ সৈতে ধৰা পৰা বিজেপি নেতাক পত্নীয়ে জোতাৰে কোবালে ৰাজপথত

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বান্ধৱীক লৈ ফুৰিবলৈ যোৱাটোৱেই কাল হ’ল উত্তৰপ্রদেশৰ এগৰাকী বিজেপি নেতাৰ৷ পত্নীয়ে এই খবৰ পোৱাৰ পাছতে স্বামী আৰু তেওঁৰ বান্ধৱীক অনুসৰণ কৰি গৈ মাজৰাস্তাতে গাড়ী ৰখাই জোতাৰে প্রহাৰ কৰে স্বামীয়ে৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্র অস্বস্তিত পৰে গেৰুৱা শিবিৰ৷ উল্লেখনীয় যে পত্নীৰ উপৰি শাহুৱেক–শহুৰেক তথা অন্যান্য লোকসকলেও পৰকীয়া প্রেমৰ পূজাৰী এই গেৰুৱা নেতাক গণধুলাই দিয়ে৷ বিৰোধী শিবিৰে এই ঘটনাক লৈ বিজেপিক তীব্র কটাক্ষ কৰিছে৷

সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি ঘটনাটো উত্তৰপ্রদেশৰ বুন্দেলখণ্ডৰ৷ ৰাস্তাত সকলোৱে জোতাৰে প্রহাৰ কৰা এই নেতাগৰাকীৰ নাম মোহিত ছোনকৰ৷ বুন্দেলখণ্ডৰ বিজেপিৰ সভাপতি ছোনকৰ৷ নেতাগৰাকীৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি দীর্ঘদিন ধৰি বিবাহ বহির্ভূত সম্পর্ক গঢ়ি তুলিছিল মোহিতে৷ গতিকে এই কার্যৰ বাবে মোহিতক এশিকনি দিয়াটো প্রয়োজন আছিল বুলি উল্লেখ কৰিছে পত্নীয়ে৷