নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ এটা সামান্য এন্দুৰ। কিন্তু এন্দুৰটোৱে লাভ কৰিবলৈ সক্ষম হৈছে সোণৰ পদক। সাহসিকতা আৰু কৰ্ম তৎপৰতাৰে এই এন্দুৰটোৱে বচাইছে বহু লোকৰ প্ৰাণ। এই আফ্ৰিকান এন্দুৰটোৰ নাম মাগওয়া।
এন্দুৰটোৱে এতিয়ালৈ ৩৯টা লেণ্ডমাইন আৰু ২৮টা বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ১ লাখ ৪১ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকাত এনে উদ্ধাৰ কাৰ্য সম্পন্ন কৰিছে এন্দুৰটোৱে। খেলপথাৰৰ হিচাপত এয়া ২০খন খেলপথাৰৰ সমান।
মাইন ডিটেক্টৰতকৈও দ্ৰুত আৰু নিখুঁতভাৱে কাম কৰিব পাৰে মাগওয়াই। মাটিৰ বহু গভীৰত পুতি ৰখা বিস্ফোৰক সামগ্ৰীও মাগওয়াৰ দৃষ্টিৰ পৰা সাৰি নাযায়। বহুকেইখন দেশৰ সেনাই অতি কঠিন সামৰিক অভিযানৰ বাবে আফ্ৰিকান এন্দুৰ মাগওয়াক ব্যৱহাৰ কৰে।
মাগওয়াক প্ৰশিক্ষিত কৰি তুলিছিল কম্বোডিয়াৰ এটা সংস্থাই। কম্বোদিয়াৰ এই সংস্থাটোৱে আফ্ৰিকান এন্দুৰক প্ৰশিক্ষিত কৰি লেণ্ডমাইন বা বিস্ফোৰক উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰে।
মাগওয়াৰ দৰে বহু এন্দুৰ বা অন্য প্ৰাণীক লেণ্ডমাইন উদ্ধাৰৰ কামত ব্যৱহাৰ কৰা হয় যদিও মাগওয়াৰ দৰে সফলতা কোনেও লাভ কৰা নাই। এনে কাৰণতে সংস্থাটোৱে মাগওয়াক সোণৰ পদকেৰে সন্মানিত কৰে।