চিকিৎসকৰ গোপন অংগ কাটি দলবদ্ধ ধর্ষণৰ পৰা ৰক্ষা পৰিল নার্ছ

🔹 বিহাৰৰ ব্যক্তিগত চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : বিহাৰৰ সমষ্টিপুৰ জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকৰ গোপন অংগ কাটি দলবদ্ধ ধর্ষণৰ পৰা নার্ছ এগৰাকীয়ে নিজকে ৰক্ষা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, হাস্পতালৰ চৌহদত তিনিগৰাকী চিকিৎসকে নার্ছগৰাকীক ধর্ষণৰ অপচেষ্টা চলাওঁতে নার্ছগৰাকীয়ে ছার্জিকেল ব্লেডেৰে এজন চিকিৎসকৰ গোপন অংগ কাটি পলাবলৈ সক্ষম হয়৷ নার্ছগৰাকীয়ে এই ঘটনা সন্দর্ভত আৰক্ষীক অভিযোগ দাখিল কৰাত আৰক্ষীয়ে অভিযুক্ত চিকিৎসক ডাঃ সঞ্জয় কুমাৰ সঞ্জুসহ তিনিজনক গ্রেপ্তাৰ কৰিছে৷ নার্ছগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তেজ লগা কাপোৰ উদ্ধাৰ কৰে৷ মূল অভিযুক্ত সঞ্জয় কুমাৰ সঞ্জুৰ লগতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা আন চিকিৎসক দুজন হৈছে সুনীল কুমাৰ গুপ্তা আৰু অবধেশ কুমাৰ৷ চিকিৎসক তিনিজনে সুৰা সেৱন কৰি নার্ছগৰাকীক হাৰাশাস্তি কৰি থকাৰ লগতে বলপূর্বক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা চলায়৷

Featured