জীমত শাড়ী পিন্ধা তৰুণীয়ে দাঙিলে ১৪০ কেজি ওজন

🔹 ইনষ্টাগ্রামৰ ভিডিঅ’ক লৈ আলোড়ন : ২৮ লক্ষাধিকবাৰ শ্বেয়াৰ

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : শাড়ী পিন্ধি খেলা–ধূলা কৰা সম্ভৱ নহয় বুলি বহুতে ধাৰণা কৰে৷ এই পোছাকত শাৰীৰিক কচৰৎ বহু দূৰৰেই কথা৷ কিন্তু এই ধাৰণাক সম্পূর্ণ ভ্রান্ত বুলি প্রমাণিত কৰিছে এগৰাকী তৰুণীয়ে৷ সেউজ ৰঙৰ শাড়ী পৰিধান কৰি ভাৰোত্তোলন কৰা দেখিবলৈ পোৱা গ’ল এই তৰুণীগৰাকীক৷ জীমত উপস্থিত হৈ ১৪০ কিলোগ্রাম ওজন দাঙি সকলোকে হতবাক কৰি দিলে এই তৰুণীয়ে৷ শেহতীয়াকৈ ভাইৰেল হৈছে এই ঘটনাৰ ভিডিঅ’৷ ‘বর্ষা ৰাণা’ নামৰ ইনষ্টাগ্রাম হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছে এই ভিডিঅ’টো৷ তাত দেখিবলৈ পোৱা গৈছে সেউজীয়া শাড়ী, ক’লা ব্লাউজ পৰিধান কৰা খোলা চুলিৰ তৰুণীয়ে কঁকালত ওজন তোলাৰ বেল্ট বান্ধি লৈ জীমত উপস্থিত হৈছে৷ ইয়াৰ পাছতে ১৪০ কেজি ওজন দাঙি দর্শকক হতবাক কৰি দিয়ে এই তৰুণীয়ে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷ ভিডিঅ’টো শ্বেয়াৰ হৈছে ২৮ লক্ষাধিক৷ ২ কোটিৰ অধিক লোকে এই ভিডিঅ’টো লাইক কৰিছে৷ বিভিন্নজনে এই ভিডিঅ’ক লৈ কমেণ্ট দিছে৷ লক্ষণীয়ভাৱে ভিডিঅ’টো ভাৰতৰ কোনো স্থানৰ বুলিয়েই বিভিন্ন মহলে দাবী কৰিছে যদিও তাক নিশ্চিত কৰিব পৰা নাই৷

Featured