আফগানিস্তানলৈ চলাওক বাণিজ্যিক বিমান

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ তালিবান নিয়ন্ত্রিত আফগানিস্তান অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই দেশখনলৈ বাণিজ্যিক বিমান চলাচলৰ বাবে ভাৰতৰ অসামৰিক বিমান পৰিবহণৰ সঞ্চালকপ্রধানলৈ পত্রযোগে আহ্বান জনাইছে৷ তালিবানৰ এই পত্র ডি জি চিয়ে লাভ কৰিছে যদিও এতিয়ালৈকে সেই সন্দর্ভত কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ মন কৰিবলগীয়া যে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত যোৱা ১৫ আগষ্টত কাবুল–দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ অন্তিমখন বিমান চলিছিল৷ ইয়াৰ পিছৰে পৰা নতুন দিল্লীৰ পৰা আফগানিস্তানলৈ বাণিজ্যিক বিমান সেৱা বন্ধ হৈ আছে৷ তালিবানৰ কার্যবাহী মন্ত্রী আলহাজ হামিদুল্লাহ আখুনডাজাই পত্রযোগে বিমান চলাচলৰ বাবে নতুন দিল্লীক আহ্বান জনাইছে৷