এয়াৰ মার্শ্বাল অমৰপ্রীত সিঙক দেশৰ বায়ুসেনাৰ নতুন মুৰব্বী নিযুক্ত

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : দেশৰ বায়ুসেনাৰ নতুন মুৰব্বী হিচাপে এয়াৰ মার্শ্বাল অমৰপ্রীত সিঙক নিযুক্তি দিয়া হৈছে৷ অহা ৩০ ছেপ্টেম্বৰত বর্তমানৰ বায়ুসেনাৰ মুৰব্বী চীফ মার্শ্বাল বিবেকৰাম চৌধাৰীৰ স্থানত দায়িত্ব গ্রহণ কৰিব অমৰপ্রীত সিঙে ৷ কেন্দ্রীয় চৰকাৰে আজি নৌসেনাত বর্তমান ভাইচ চীফ অৱ দ্য এয়াৰ ষ্টাফ হিচাপে কর্মৰত অমৰপ্রীত সিঙক নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে৷ ১৯৮৪ চনত ভাৰতীয় বায়ুসেনা বাহিনীত যোগদানেৰে কর্মজীৱন আৰম্ভ কৰা এয়াৰ মার্শ্বাল অমৰপ্রীত সিঙে ২০১৯ চনত অতি বিশিষ্ট সেৱা মেডেল আৰু ২০২৩ চনত পৰম বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত হৈছে৷ ২০২৩ চনৰ ১ ফেব্রুৱাৰীত বায়ুসেনাৰ উপ–মুৰব্বী হিচাপে নিযুক্তি লাভ কৰা এয়াৰ মার্শ্বাল অমৰপ্রীত সিঙে দেশৰ নতুন মুৰব্বী হিচাপে দায়িত্ব লাভ কৰিব৷ মিগ–২৭ৰ কমাণ্ডিং অফিচাৰ আৰু ফ্লাইট কমাণ্ডাৰৰ অভিজ্ঞতাৰে পুষ্ট অমৰপ্রীত সিং ৱেলিংটনৰ নেচনেল ডিফেন্স একাডেমী, ডিফেন্স ছার্ভিচ ষ্টাফ কলেজৰ প্রাক্তন শিক্ষার্থী৷ উল্লেখ্য যে ১৯৬৪ চনৰ ২৭ ছেপ্টেম্বৰত জন্মগ্রহণ কৰা অমৰপ্রীত সিং এগৰাকী সুদক্ষ স্কোৱাচ খেলুৱৈও৷

Featured