বিশ্বৰ শীর্ষ ১০০ যুৱ উদ্যোগীৰ তালিকাত আকাশ

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ একমাত্র ভাৰতীয় যুৱ উদ্যোগী হিচাপে বিশ্বৰ বহুল প্রচলিত আলোচনী ‘টাইমছ’–এ এক গুৰুত্বপূর্ণ স্বীকৃতি দিছে ৰিলায়েঞ্চ জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানিক৷ আলোচনীখনে প্রস্তুত কৰা বিশ্বৰ শীর্ষ ১০০জন যুৱ উদ্যোগীৰ তালিকাত একমাত্র ভাৰতীয় হিচাপে আকাশ আম্বানিয়ে স্থান লাভ কৰিছে৷

উল্লেখ্য যে আলোচনীখনে ‘টাইমছ ১০০ নেক্সট লিষ্ট’ হিচাপে এখন বিশেষ তালিকা প্রস্তুত কৰিছে৷ এই তালিকাখনত প্রধানতঃ অন্তর্ভুক্ত কৰা হৈছে বিশ্বৰ বিভিন্ন প্রান্তৰ ভৱিষ্যতৰ তাৰকাসকলক৷ য’ত আকাশ আম্বানিয়ে ভাৰতীয় ব্যৱসায়ী পৰিয়ালৰ ধাৰাবাহিকতা ৰক্ষা কৰা বুলি কোৱা হৈছে৷ ‘টাইমছ’ৰ তৰফৰ প্রকাশ কৰা আকাশ আম্বানিয়ে বাণিজ্যিক ক্ষেত্রত উন্নতি কৰাৰ যথেষ্ট সুযোগ আছে৷

লক্ষণীয়ভাৱে এই তালিকাখনত অন্তর্ভুক্ত হৈছে ভাৰতীয় বংশোদ্ভৱ মার্কিন নাগৰিক আম্রপালি পাল৷ ‘অনলি ফ্যানস’ নামৰ এটা ছ’চিয়েল প্লেটফর্মৰ মুখ্য কার্যবাহী বিষয়াৰ পদত থকা আম্রপালিৰ নেতৃত্বত সংস্থাটোৱে যথেষ্ট জনপ্রিয়তা অর্জন কৰা বুলিও কোৱা হৈছে৷