এগৰাকী মাকৰ সমস্যা কোনেও বুজি নাপায়, কৰ্মজীৱন আৰু ঘৰৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰা অনুষ্কাৰ বাবেও কঠিন হৈছে

বিশেষ বাৰ্তা, ১৭ মেঃ এগৰাকী মাকৰ বাবে কৰ্মজীৱন পৰিচালনা কৰাটো অতি কঠিন। মহিলাসকলৰ বাবে নিজৰ কৰ্ম জীৱন আৰু ঘৰ-পৰিয়ালৰ দায়িত্বৰ ভাৰসাম্যতা ৰক্ষা কৰাটো সহজ নহয়। মানুহে বাহিৰত কাম কৰা এগৰাকী মাকৰ অনুভৱ আৰু জীৱন একেবাৰেই বুজি নাপায়, কাৰণ এই পৃথিৱীখন পুৰুষ প্ৰধান। ইয়াত কেৱল পুৰুষেহে খোজ কাঢ়িব পাৰে। এই অনুভৱ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ। অনুষ্কাই বহুদিন ধৰি ডাঙৰ পৰ্দাৰ পৰা আঁতৰত আছিল। গৰ্ভাৱস্থা আৰু লকডাউনৰ পূৰ্বেও কৰ্মৰ পৰা বিৰতি লৈছিল তেওঁ। কিন্তু এতিয়া আকৌ কামলৈ উভতিব বিচাৰিছে। মাক হোৱাৰ পিছত এতিয়া অনুষ্কাই প্ৰযোজনা নহয়, কেৱল অভিনেতা হিচাপেহে থাকিব বিচাৰিছে। অনুষ্কাই আৰু কয় যে কৰ্মস্থলীত মহিলাসকলে সমৰ্থন লাভ কৰিলে ভাল কাম কৰিব পাৰে। তেওঁৰ মতে, ইয়াত এনে কিছুমান পুৰুষ আছে যিসকলে নাৰীৰ প্ৰতি দয়ালু আৰু সহানুভূতিশীল। এনে অৱস্থাত তেওঁলোকৰ কৰ্ম-সংস্কৃতি কঠিন হ’ব পাৰে। উল্লেখ্য যে, অনুষ্কা শৰ্মাই বিৰাট কোহলিৰ সৈতে বিয়াত বহাৰ পিছত এতিয়া কণমানি সন্তান এটিৰ মাক। বৰ্তামন তেওঁ ভাৰতীয় মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱন আধাৰিত ‘চাকদা এক্সপ্ৰেছ’ৰ কামত ব্যস্ত, যিখন ছবি অ’টিটিত মুক্তি পাব।