সাংবাদিক অর্ণৱ গোস্বামীক সকীয়নি: বাতৰি পৰিৱেশনত সংযমী হ’বলৈ আহ্বান দিল্লী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কংগ্রেছ নেতা শশী থাৰুৰৰ পত্নী সুনন্দা পুষ্কৰৰ মৃত্যু গোচৰক লৈ সংবাদ মাধ্যমত সমান্তৰাল অনুসন্ধান আৰু শুনানি নকৰিবলৈ সাংবাদিক অর্ণৱ গোস্বামীক সকীয়নি দিল্লী উচ্চ ন্যায়ালয়ৰ৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মুক্তা গুপ্তাই অপৰাধমূলক গোচৰটোত আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়ত মিডিয়াৰ জৰিয়তে সমান্তৰাল অনুসন্ধান চলাব নোৱাৰে বুলি উল্লেখ কৰি এইক্ষেত্রত অর্ণৱ গোস্বামীক সংযমী হ’বলৈও আহ্বান জনায়৷

উচ্চ ন্যায়ালয়ে ২০১৭ চনৰ ১ ডিচেম্বৰত এক নির্দেশক প্রসংগ হিচাপে উল্লেখ কৰি সংবাদ মাধ্যমে কাকো দোষী অথবা বচাবৰ বাবে বাতৰি পৰিৱেশন কৰাৰ বিপৰীতে তদন্ত অথবা শুনানিত বিলম্ব হৈ থকা যিকোনো বিষয়ত বাতৰি পৰিৱেশন কৰোঁতে সংবাদ মাধ্যমে সজাগ আৰু সাৱধানতা অৱলম্বন কৰিব লাগে বুলি কয়৷

Featured