বাইডেন কেবিনেটৰ সদস্য হ’ব ভাৰতীয় মূলৰ অৰুণ মজুমদাৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনৰ কেবিনেটৰ সদস্য হ’ব পাৰে ভাৰতীয় মূলৰ মার্কিন ৰাজনীতিক অৰুণ মজুমদাৰ৷ আই আই টি বোম্বাইৰ পৰা স্নাতক ডিগ্রী লাভ কৰা অৰুণ মজুমদাৰে বার্কলেৰ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্রী সম্পূর্ণ কৰিছিল৷

অ’বামা প্রশাসনৰ সৈতেও জড়িত আছিল মজুমদাৰ৷ শেহতীয়াকৈ বাইডেন কেবিনেটে মজুমদাৰক স্থান দিয়াৰ চিন্তা–চর্চা চলাইছে৷ ৰাষ্ট্রপতি বাইডেন আৰু উপ–ৰাষ্ট্রপতি কমলা হেৰিছে দেশখনৰ নতুন কেবিনেট এক ‘সানমিহলি’ কেবিনেট হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে৷

গতিকে অৰুণ মজুমদাৰৰ দৰে প্রভাৱশালী নেতা এগৰাকী অংশীদাৰ হ’ব পাৰে বাইডেন কেবিনেটৰ৷ ষ্টেণ্ডফ’ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক তথা ফেকাল্টী অৰুণ মজুমদাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ শিক্ষাদান কৰি আহিছে শিক্ষার্থীসকলক৷