দিল্লীৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ আতিশী সিঙৰ

🔹 উপস্থিত আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী কেজৰিৱাল 

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : দিল্লীৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ আপৰ জ্যেষ্ঠ নেত্রী আতিশী সিঙৰ৷ সুৰা নীতি কেলেংকাৰিত জামিনত মুক্তি লাভ কৰি মুখ্যমন্ত্রীৰ পদ অৰবিন্দ কেজৰিৱালে ত্যাগ কৰাৰ পাছতে দিল্লীত আপৰ মুখ্যমন্ত্রী হিচাপে আজি শপতগ্রহণ কৰে আতিশী সিঙে৷ ৰাজনিৱাসত অনুষ্টুপীয়া কার্যসূচীত উপ–ৰাজ্যপাল ভি কে ছাক্সেনাই আতিশী সিঙক শপতবাক্য পাঠ কৰোৱাৰ পাছত পাঁচজন কেবিনেট মন্ত্রীয়ে শপতগ্রহণ কৰে৷ আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল উপস্থিত থকা কার্যসূচীত প্রথমে আতিশী সিঙে মুখ্যমন্ত্রীৰ শপত লয়৷ পিছত কেবিনেট মন্ত্রী হিচাপে গোপাল ৰায়, সৌৰভ ভৰদ্বাজ, কৈলাশ গেহলট, ইমৰান হুছেইন আৰু মুকেশ আহলাৱাটে শপতগ্রহণ কৰে৷ উল্লেখ্য যে মুকেশ আহলাৱাটক আতিশী মন্ত্রীসভাত নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে৷ গোপাল ৰায়, সৌৰভ ভৰদ্বাজ, কৈলাশ গেহলট আৰু ইমৰান হুছেইন অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰো মন্ত্রী আছিল৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী হিচাপে শপত লোৱা আতিশী সিঙে কেজৰিৱালৰ চৰকাৰত ১৩টা গুৰুত্বপূর্ণ বিভাগৰ দায়িত্বত আছিল৷ বিত্ত, ৰাজহ, গড়কাপ্টানী, শক্তি, শিক্ষাকে ধৰি ১৩টা গুৰুত্বপূর্ণ বিভাগ চলোৱা আতিশী সিঙে মুখ্যমন্ত্রী হিচাপে পূর্বৰ দৰেই গুৰুত্বপূর্ণ বিভাগকেইটা নিজৰ হাতত ৰাখিব৷ আজি মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পূর্বে আতিশী সিঙে পুৱা আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বাসভৱনলৈ গৈ বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে আশীর্বাদ লয়৷ অহা ফেব্রুৱাৰী মাহত দিল্লী বিধানসভাৰ নির্বাচনলৈকে মুখ্যমন্ত্রী হিচাপে আতিশী সিঙে কার্যনির্বাহ কৰিব৷ উল্লেখ্য যে আবকাৰী নীতি কেলেংকাৰিত চিবিআইৰ গোচৰত ১৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে জামিন প্রদান কৰাৰ পাছত প্রায় ৬ মাহৰ মূৰকত তিহাৰ কাৰাগাৰৰ পৰা মুকলি হোৱা মুখ্যমন্ত্রী কেজৰিৱালে দলীয় কর্মকর্তাৰ সৈতে আলোচনা কৰি ১৭ ছেপ্টেম্বৰত মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰে আৰু দুদিন পাছত আপৰ বিধায়িনী দলৰ আতিশী সিঙক মুখ্যমন্ত্রী হিচাপে নির্বাচিত কৰে৷ প্রণিধানযোগ্য যে উচ্চতম ন্যায়ালয়ে জামিন লাভ কৰা কেজৰিৱালক মুখ্যমন্ত্রী কার্যালয়ত প্রৱেশ কৰিব নোৱাৰা আৰু কোনো ফাইলত স্বাক্ষৰ কৰিব নোৱাৰা চর্তত জামিন দিছিল৷ সেইমর্মে কেজৰিৱালে কাৰাগাৰৰ পৰা চৰকাৰ চলাই থাকি মুকলি হৈ মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল৷

Featured