ম্যানমাৰৰ নেত্রী ছ্যু কীলৈ পুনৰ চাৰি বছৰ কাৰাদণ্ডৰ ৰায়

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্রী আং ছান ছ্যু কীক পুনৰ চাৰি বছৰৰ বাবে কাৰাদণ্ডৰ ৰায় শুনাইছে দেশখনৰ এখন আদালতে৷ যোৱা ডিচেম্বৰ মাহত চাৰি বছৰৰ বাবে কাৰাদণ্ডৰ ৰায় শুনোৱা হৈছিল নেত্রীগৰাকীৰ বিৰুদ্ধে৷ আজি পুনৰ এক গোচৰত নেত্রীগৰাকীক দোষী সাব্যস্ত কৰি আদালতে চাৰি বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে৷

সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি ৱাকিটকীৰ বেআইনী আমদানি আৰু দেশত ক’ৰোনা প্রট’কল ভংগৰ অভিযোগত দোষী সব্যস্ত কৰা হৈছে গণতান্ত্রিক নেত্রীগৰাকীক৷ ইয়াৰ পূর্বে সেনাৰ বিৰুদ্ধে সংঘর্ষৰ উচটনি দিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰি চাৰি বছৰ কাৰাদণ্ড বিহা হৈছিল নেত্রীগৰাকীক৷