চলচ্চিত্র-ক্রীড়া জগতৰ চেলিব্রিটী, উদ্যোগপতি, সাধু–সন্ন্যাসীৰে ৰামময় অযোধ্যা

🔹 ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’বলৈ পাই অত্যন্ত সুখী : শচীন তেণ্ডুলকাৰ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : ভাৰতীয় সভ্যতাৰ এক যুগান্তকাৰী মুহূর্ত হিচাপে বিবেচিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱত ভাৰতীয় চলচ্চিত্র-ক্রীড়া জগতৰ চেলিব্রেটী, উদ্যোগপতিৰ পৰা সাধু–সন্ন্যাসীয়ে অংশগ্রহণ কৰে৷ অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণৰ পৰিচালনাত থকা শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ আমন্ত্রণ ক্রমে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱত অংশগ্রহণ কৰা ভাৰতীয় চেলিব্রেটীয়ে এই ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’বলৈ পাই গৌৰৱান্বিত হয়৷ বলীউডৰ মহাতাৰকা বিগ বি অমিতাভ বচ্চনৰ পৰিয়ালৰ পৰা ৰণবীৰ কাপুৰ–আলিয়া, বিকি কৌশল, আয়ুস্মান খুৰানা, বিবেক অবেৰয়, অনুপম খেৰ, জেকী শ্রফ, ৰোহিত ছেট্টী, ৰাজকুমাৰ হিৰাণী, মাধুৰী দীক্ষিতকে ধৰি তাৰকাসকলৰ লগতে দাক্ষিণাত্যৰ ৰজনীকান্ত, চিৰঞ্জীৱী, ৰামচৰণ আদি জনপ্রিয় তাৰকাসকলে ঐতিহাসিক প্রাণ প্রতিষ্ঠা উৎসৱত আমন্ত্রণ ৰক্ষা কৰে৷ বিগ বি অমিতাভ বচ্চনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বার্তালাপ কৰাৰ লগতে আধ্যাত্মিক গুৰু ৰবিশংকৰ, যোগগুৰু বাবা ৰামদেৱৰ সৈতেও বিক্ষিপ্তকৈ আলাপ কৰে৷ ভাৰতীয় ক্রিকেটৰ কিংবদন্তী শচীন তেণ্ডুলকাৰে এই উৎসৱত অংশ লৈ কয়– ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’বলৈ পাই অত্যন্ত সুখী৷ আনহাতে, ভাৰতৰ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে পৰিয়ালৰ সৈতে ৰাম মন্দিৰৰ ঐতিহাসিক কার্যসূচীত অংশ লয়৷ বলীউডৰ জনপ্রিয় কণ্ঠশিল্পী চনু নিগমেও এই কার্যসূচীত অংশগ্রহণ কৰাৰ লগতে গীত পৰিৱেশন কৰে৷ বলীউডৰ প্রবীণ অভিনেত্রী তথা বিজেপিৰ মথুৰাৰ সাংসদ হেমা মালিনীয়ে এই উৎসৱত অংশগ্রহণ কৰি নৃত্য প্রদর্শন কৰে৷ আনপিনে, বলীউড অভিনেত্রী কংগনা ৰাণাৱটে এই উৎসৱত অংশগ্রহণ কৰি গৌৰৱবোধ কৰা বুলি ব্যক্ত কৰে৷ ইপিনে, দেশৰ বিভিন্ন প্রান্তৰ বহু সাধু-সন্ন্যাসীয়ে প্রাণ প্রতিষ্ঠা উৎসৱৰ সাক্ষী হয়৷

Featured