দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অশ্লীল বাৰ্তালাপ অধ্যক্ষৰ; অডিঅ’ ভাইৰেলৰ পাছতে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাৰ (Ballia) এখন মহাবিদ্যালয়ৰ অধ্যক্ষই দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে অশ্লীল বাৰ্তালাপ কৰাৰ অডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ইয়াৰ পিছত অধ্যক্ষৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। সোমবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

আৰক্ষীৰ মতে, গডৱাৰ থানা এলেকাৰ অন্তৰ্গত ‘ৰাম ধ্যান ইণ্টাৰ কলেজ’ৰ অধ্যক্ষ ৰাম নাৰায়ণ যাদৱৰ এটা অডিঅ’ দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত অধ্যক্ষগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ এগৰাকী কন্যা ছাত্ৰীৰ সৈতে অশ্লীল কথা কোৱা শুনা যায়। তেওঁ ছাত্ৰীগৰাকীক ভাবুকি দিয়া শুনা যায়, “মোৰ কথা নামানিলে ইয়াৰ পৰিণতি বেয়া হ’ব।”

সোমবাৰে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাজ কুমাৰ সিঙে জনোৱা মতে, দেওবাৰে অধ্যক্ষ ৰাম নাৰায়ণ যাদৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ২৯৪, ৫০৪ আৰু ৫০৬ ধাৰাত এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হয়। তেওঁ কয় যে আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ বাবে অধ্যক্ষক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছে।

Featured