সংস্থাপন হেৰুৱাই বাটে–পথে ভিক্ষা খোজা ৪৫০ ভাৰতীয়ক ডিটেনচন কেম্পত

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিয়ে বিদেশত কর্মৰত একাংশ ভাৰতীয় লোকৰ জীৱনলৈ ভয়াৱহতা নমাই আনিছে৷ ছৌদি আৰবত কর্মৰত হৈ থকা ৪৫০ ভাৰতীয় লোকে ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ বাবে সংস্থাপন হেৰুৱাই দেশখনৰ বাটে–ঘাটে ভিক্ষা মাগিবলগীয়া হৈছে৷ ভাৰতীয় নাগৰিকসকলৰ এই অৱস্থা দেখি চৰকাৰখনে জেদ্দাত থকা ছুমাইছি ডিটেনচন কেম্পলৈ প্রেৰণ কৰিছে এইসকল ভাৰতীয়ক৷ মন কৰিবলগীয়া যে তেলেংগানা, অন্ধ্রপ্রদেশ, উত্তৰ প্রদেশ, কাশ্মীৰ, বিহাৰ, দিল্লী, ৰাজস্থান, কর্ণাটক, হাৰিয়ানা, পঞ্জাব, মহাৰাষ্ট্র আদি ৰাজ্যৰ পৰা ৱর্ক পার্মিট লৈ ছৌদি আৰবত কর্মৰত হৈ আছিল৷ কিন্তু ক’ভিড–১৯এ সংহাৰী ৰূপ লোৱাত এই লোকসকলৰ ৱর্ক পার্মিটৰ ম্যাদ উকলি যায় আৰু অৱশেষত বাধ্য হৈ ৰাজপথলৈ ওলাই আহি ভিক্ষা মাগিবলৈ বাধ্য হয়৷ ৰাজপথত ভিক্ষা মাগি থকা ভাৰতীয় লোকসকলক ছৌদি কর্তৃপক্ষই পিছলৈ ডিটেনচন কেম্পত ৰাখে৷ এই দুর্দশাগ্রস্ত লোকসকলৰ ভিডি’ এটা ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পিছতে দেশত হাহাকাৰ লাগিছে৷ পৰিয়ালৰ লোকসকলে নিজ নিজ আত্মীয়ক চিনাক্ত কৰি তেওঁলোকক উদ্ধাৰৰ বাবে চৰকাৰক আহ্বান জনাইছে৷ তাৎপর্যপূর্ণ যে পাকিস্তান, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু শ্রীলংকাৰ এনে লোকসকলক চৰকাৰখনে নিজ দেশলৈ ওভতাই পঠিয়াইছে৷

Featured