ক’ভিড বিধি উলংঘন কৰি কৰিছিল জন্মদিনৰ পাৰ্টীঃ ৫০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ডম্বিভালীত জন্মদিন উদযাপন কৰি কোভিদ-১৯ ৰ নিয়ম উলংঘন কৰাৰ অভিযোগত আৰক্ষীয়ে প্ৰায় ৫০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, জন্মদিনৰ পাৰ্টীটো ১৭ আৰু ১৮ ফেব্ৰুৱাৰীৰ নিশা ডেছলেপদত অনুষ্ঠিত হৈছিল।

কেডিএমচি ৱাৰ্ড বিষয়া অক্ষয় গাদগে এটা অভিযোগ পাইছিল যে স্থানীয় বাসিন্দাৰ জন্মদিন উদযাপন কৰিবলৈ বহু সংখ্যক লোক একত্ৰিত হৈছিল। কিন্তু তাত মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে নিয়মবোৰ পালন কৰা হোৱা নাছিল।

আৰক্ষীয়ে আইপিচিৰ ২৬৯ আৰু ২৭০ ধাৰাৰ অধীনত (সংক্ৰামক ৰোগ বিয়পোৱাৰ বাবে বেপৰোৱা কাৰ্য), ১৮৮ (ৰাজহুৱা সেৱকৰ আদেশ উলংঘন) আৰু দুৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্ৰণ নিয়মৰ শাখাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

অৱশ্যে গোচৰটোত এই মূহুৰ্তলৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই।