প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে বিজেপিৰ ‘সেৱা সপ্তাহ’

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭০সংখ্যক জন্মদিনৰ সৈতে সম্পর্ক ৰাখি বিজেপিৰ সভাপতি জে পি নড্ডাই মুকলি কৰিছে সপ্তাহজোৰা এক প্রচাৰ অভিযান৷ ‘সেৱা সপ্তাহ’ শীর্ষক এই প্রচাৰ অভিযান মুকলিৰ সময়ত উত্তৰ প্রদেশৰ গৌতম বুদ্ধ নগৰত ইয়াৰ উদ্দেশ্য ব্যাখ্যা কৰে বিজেপিৰ সভাপতিগৰাকীয়ে৷

স্মর্তব্য যে ১৭ ছেপ্ঢেম্বৰত প্রধানমন্ত্রী মোদীৰ জন্মদিন৷ উক্ত দিনা ৭০ বছৰত ভৰি দিব প্রধানমন্ত্রীগৰাকীয়্৷ এই সেৱা সপ্তাহৰ জৰিয়তে বিজেপিয়ে দুর্গত লোকসকলক খাদ্য, বস্ত্র প্রদান কৰাৰ উপৰি ৰক্তদান আদি কল্যাণমূলক কাম কৰাৰ সিদ্ধান্ত লৈছে৷ আজিৰে পৰা ২০ ছেপ্ঢেম্বৰলৈ চলিব এই সেৱা সপ্তাহ৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে প্রধানমন্ত্রী মোদীয়ে সদায় দেশ আৰু জনসাধাৰণৰ সেৱাত জীৱন সমর্পণ কৰিছে৷

গতিকে প্রধানমন্ত্রীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এই সেৱা সপ্তাহ দেশজুৰি পালন কৰা হ’ব৷ গৌতম বুদ্ধ নগৰত আজি আৰম্ভ হোৱা এই সেৱা সপ্তাহৰ বিভিন্ন কার্যসূচীৰ আলোকচিত্রও মুকলি কৰি দিছে জেপি নাড্ডাই৷