বলীউডৰ অভিনেত্রী মালাইকাৰ পিতৃৰ চৰম পথ

🔹 অঘটনৰ পূৰ্বে ফোনত কি কৈছিল মালাইকা-অমৃতাক ?

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : বলীউডৰ অভিনেত্রী তথা মডেল মালাইকা অৰোৰাৰ পিতৃ অনিল অৰোৰাই চৰম পথ বাছি লয় ৷ কালি মুম্বাইৰ বান্দ্রাৰ বাসগৃহৰ ছাদৰ পৰা জঁপিয়াই চৰম পথ বাছি লয় অনিল অৰোৰাই৷ ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হয় মুম্বাই আৰক্ষী৷ স্মর্তব্য যে বহু বছৰ পূর্বেই অনিল অৰোৰাৰ পত্নী জয়েছৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল যদিও বিগত কিছু বছৰ ধৰি তেওঁলোকে পুনৰ একেলগে থাকিবলৈ লয়৷ পেছাত নাবিক আছিল অভিনেত্রীৰ পিতৃ অনিল অৰোৰা৷ মালাইকাৰ মাতৃয়ে আৰক্ষীক জনোৱা অনুসৰি প্রতিদিনাৰ দৰে পুৱাই উঠি বাৰাণ্ডাত বহি সংবাদ পত্র পঢ়ি আছিল অনিল অৰোৰাই৷ ইয়াৰ মাজতে অৰোৰাই কেতিয়া তললৈ জঁপিয়ালে, সেই কথা পত্নীয়ে গমেই নাপালে৷ গেটৰক্ষীৰ চিৎকাৰ শুনাৰ পিছতহে অৰোৰাৰ পত্নী তললৈ নামি যায়৷ ঘটনাৰ খবৰ পোৱা মাত্রকে মালাইকাৰ প্রাক্তন স্বামী আৰবাজ খান উপস্থিত হয় মালাইকাৰ বাসগৃহত৷ ঘটনাৰ সময়ত মালাইকা আছিল পুনেত৷ পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মুম্বাইলৈ ৰাওনা হয় মালাইকা৷ অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, অঘটনৰ পূৰ্বে অনিল অৰোৰাই জীয়ৰী মালাইকা আৰু অমৃতাক ফোন কৰিছিল। ফোনত দুয়োকে স্পষ্টকৈ পিতৃয়ে কয়- “মই আৰু নোৱাৰোঁ, মই ভাগৰি পৰিছোঁ”।

Featured