যিগৰাকীয়ে আগতে আহিব তেওঁৰেই সন্তানৰ পিতৃ হ’ব, ৯ গৰাকী পত্নীক জনালে ব্ৰাজিলৰ মডেলে

বিশেষ বাৰ্তা, ১৭ মেঃ যিয়ে আগতে ৰাজি হ’ব তেওঁকেই প্রথমে সন্তানসুখ দিয়া হ’ব। নিজৰ ৯গৰাকী পত্নীক এনেকৈয়ে জনালে ব্রাজিলৰ মডেল আর্থাৰ অ’ উৰছোৱে। আর্থাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে যৌনসুখ পাবলৈ তেওঁ আৰু দুজনীক বিয়া কৰাব বিচাৰে। ইয়াৰ পাছতে তেওঁক এৰি গুচি গৈছে এগৰাকী পত্নীয়ে। ইয়াৰ পাছতে পৰিয়াল বঢ়োৱাৰ বাবে পিতৃ হোৱাৰ সিদ্ধান্ত লৈছে মডেলজনে। কিন্তু ৯ জনী সংগিনীৰ মাজত কাক বাছিব সন্তানেৰ মাক হ’বলৈ? সংগিনীসকলৰ ওপৰতেই দায়িত্ব দিছে। স্পষ্টকৈ জনাই দিছে, যিয়ে প্ৰথমে তেওঁৰ কাষলৈ আহিব তেওঁকেই সন্তানৰ মাক হিচাপে বাছি ল’ব। আর্থাৰে জনাইছে, তেওঁ আটাইগৰাকী পত্নীকে সমানে ভাল পায়। কাকো কম বা কাকো বেছি নহয়। সেয়ে যিকোনো এজনী পত্নীৰে সন্তানৰ পিতৃ হ’বলৈ প্রস্তুত। কাৰণ যিটো সন্তান জন্মিব সেই সন্তানে সকলোৰে পৰা সমানে মৰম পাব। আর্থাৰৰ ৰঙীন জীৱন যাপনৰ কাৰণেই তেওঁক ইনস্টাগ্রামত ১ লাখৰো বেছি মানুহে অনুসৰণ কৰে।