ৰাজহুৱা স্থানত বোর্খা পৰিধান নিষিদ্ধ শ্রীলংকাৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ৰাষ্ট্রীয় নিৰাপত্তাৰ প্রতি ভাবুকি আহি পৰা বুলি ঘোষণা কৰি শ্রীলংকা চৰকাৰে ৰাজহুৱা স্থানত বোর্খা তথা সকলো ধৰণৰ মুখ ঢ়কা পোছাক পৰিধান নিষিদ্ধ কৰিছে৷ কালি দেশখনৰ মন্ত্রী পৰিষদে এই বিতর্কিত সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷ উল্লেখনীয় যে যোৱা মার্চ মাহত ৰাজহুৱা নিৰাপত্তা দপ্তৰৰ দায়িত্বত থকা মন্ত্রী শৰথ উইৰাছেকেৰাই এই বিতর্কিত প্রস্তাৱ আগবঢ়াইছিল৷

মন্ত্রীগৰাকীয়ে এইক্ষেত্রত কেবিনেটৰ অনুমোদন বিচাৰি কৈছিল যে মুছলমান মহিলাসকলে ৰাজহুৱা স্থানত বোর্খা পৰিধান কৰাটো দেশৰ নিৰাপত্তাৰ প্রতি ভাবুকি৷ আজি দেশখনৰ তথ্য মন্ত্রী কেহেলীয়া ৰামবুকৱেল্লাই সাংবাদিকক কয় যে সকলো ধৰণৰ মুখ ঢ়কা বস্ত্র কেবিনেটে নিষিদ্ধ কৰিছে৷ অৱশ্যে মন্ত্রীগৰাকীয়ে কৌশলেৰে বোর্খাৰ কথাটো উল্লেখ কৰাৰ পৰা বিৰত থাকে৷ স্মর্তব্য যে দুবছৰ পূর্বে ইস্তাৰ ছানডে’ত দেশখনৰ কেইবাখনো হোটেল আৰু গির্জাত সংঘটিত হৈছিল সন্ত্রাসবাদীৰ আক্রমণ৷