চীনা আৰৱপতিৰ বিলৈঃ ৰাষ্ট্ৰপতি জিনপিঙক কৈছিল জ’কৰ বুলি, বিহিলে কঠোৰ শাস্তি…

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ চীনা ৰাষ্ট্ৰপতি জিনপিঙক জ’কৰ বুলি কোৱাৰ কঠোৰ পৰিণাম ভুগিব লগা হ’ল এগৰাকী চীনা আৰৱপতিয়ে। ৰেন জিকিয়াং নামৰ ব্যৱসায়ীগৰাকীয়ে যোৱা মাৰ্চ মাহত ৰাষ্ট্ৰপতি জিনপিঙে ক’ৰোনা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত অসফল বুলি সমালোচনা কৰিছিল।

চীনা আমোলাৰে হোৱা বৈঠকত আৰৱপতি ৰেনে জিনপিঙক জ’কাৰ বুলি টিপ্পনি মাৰিছিল। এতিয়া ইয়াৰ ফল ভোগ কৰিব লগা হৈছে ৰেনে। ৰেনৰ ওপৰত চৰকাৰে প্ৰথমাৱস্থাত নানা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ পিছত যোৱা মঙলবাৰে চীনা আদালতে তেওঁক ১৮ বছৰৰ কাৰাদণ্ড আৰু ৪.২ মিলিয়ন য়ুৱানৰ (৪.৫ কোটি টকা) জৰিমনা বিহে।