জিতেন্দ্র সিঙক তত্ত্বাৱধায়ক নিযুক্তি প্রদেশ কংগ্রেছৰ, এপিচিচিতো সালসলনিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ দলত তীব্র আভ্যন্তৰীণ কন্দল অব্যাহত থকাৰ সময়তে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা এ আই চি চিয়ে অপসাৰণ কৰিছে হৰিশ ৰাৱাটক৷ কংগ্রেছ হাইকমাণ্ডে হৰিশ ৰাৱাটৰ ঠাইত এ আই চি চিৰ অন্যতম সাধাৰণ সম্পাদক তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙক অসমত দলৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে৷

এ আই চি চিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপালে কালি এই সন্দর্ভত আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ বিধানসভা নির্বাচনলৈ মাজতে আৰু কেইটামান মাহ বাকী থকা অৱস্থাত প্রদেশ কংগ্রেছত আভ্যন্তৰীণ কন্দল তীব্রতৰ হৈ উঠাৰ সমান্তৰালভাৱে ইজনৰ পাছত সিজনকৈ নেতাই দল ত্যাগ কৰি থকাৰ সময়তে এ আই চি চিয়ে পর্যবেক্ষক সলনি কৰাটো যথেষ্ট তাৎপর্যপূর্ণ ৰূপে চিহ্ণিত হৈছে৷

ৰাজীৱ ভৱনৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া অনুসৰি নৱনিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্র সিং ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ৷ বিগত সময়ছোৱাত পূর্বৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটৰ বিৰুদ্ধে অসম প্রদেশ কংগ্রেছৰ বহুকেইজন ক্ষুব্ধ নেতাই ৰাহুল গান্ধীৰ লগতে কংগ্রেছ হাইকমাণ্ড ছোনিয়া গান্ধীক অভিযোগ দাখিল কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে হৰিশ ৰাৱাটক অসমত দলৰ দায়িত্বৰ পৰা অপসাৰণ কৰি জিতেন্দ্র সিঙক নিযুক্তি দিয়া বুলি সূত্রটোৱে দাবী কৰে৷

তদুপৰি নতুন তত্ত্বাৱধায়ক নিযুক্তি দিয়াৰ লগে লগে প্রদেশ কংগ্রেছত শীঘ্রে ব্যাপক সালসলনিৰো সম্ভাৱনীয়তা ব্যক্ত কৰিছে সূত্রটোৱে৷ উল্লেখ্য যে অসম প্রদেশ কংগ্রেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে ১৯৯৮ চনত প্রথমবাৰৰ বাবে আলৱাৰ সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ নির্বাচিত হৈছিল৷ ২০০৭ চনত তেওঁক নিযুক্তি দিয়া হৈছিল এ আই চি চিৰ সম্পাদক হিচাপে৷

২০০৯ চনত তেওঁ পঞ্চদশ লোকসভালৈ নির্বাচিত হয়৷ ২০১১ চনৰ জুলাই মাহত তেওঁক কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রীৰ দায়িত্ব অর্পণ কৰিছিল তদানীন্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে৷ ২০১২ চনৰ ২৮ অক্টোবৰৰ পৰা ২০১৪ চনৰ ২৬ মে’ পর্যন্ত তেওঁ আছিল ক্রীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্র) তথা ৰাজ্যিক প্রতিৰক্ষা মন্ত্রী৷