কুকুৰলৈ আগবঢ়োৱা বিস্কুট দলীয় কর্মীক দিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে !

🔹 ‘ভাৰত জোড়ো ন্যায় যাত্রা’ৰ সময়ত ঝাৰখণ্ডৰ ঘটনাক লৈ তীব্র প্রতিক্রিয়া

বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰী : প্লেটভর্তি বিস্কুট৷ সেই বিস্কুট খাবলৈ দিয়া হৈছিল এটা কুকুৰক৷ কিন্তু কুকুৰটোৱে বিস্কুটৰ প্লেটৰ পৰা মুখ ঘূৰোৱাৰ লগে লগে সেই বিস্কুটৰ প্লেট এগৰাকী কংগ্রেছ কর্মীলৈ আগবঢ়াই দিয়ে ৰাহুল গান্ধীয়ে ! কালি মাজনিশা বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে৷ ইয়াকে লৈ আজি পুৱাৰে পৰা দেশৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা৷ অমিত মালব্যই পোষ্ট কৰা এই ভিডিঅ’ক লৈ কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি৷ আনকি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ভিডিঅ’টোক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত ‘পুৰণি’ প্রসংগ টানি আনিছে৷ ইয়াৰ ফলত বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এখন ৰঙা ৰঙৰ হুড খোলা গাড়ীত উঠি আহিছে ৰাহুল গান্ধী৷ লগত আছে বহু কংগ্রেছ কর্মী তথা সমর্থক৷ এই কংগ্রেছ কর্মীসকলৰ এজনৰ হাতত আছিল এটা পোহনীয়া কুকুৰ৷ কুকুৰটোৰ সন্মুখত ৰাহুলে ৰাখিলে বিস্কুটভর্তি এখন প্লেট৷ কংগ্রেছ সাংসদগৰাকীয়ে দিয়া বিস্কুট খোৱাৰ বিপৰীতে মুখ ঘূৰাই দিয়ে কুকুৰটোৱে৷ তেতিয়া সেই বিস্কুট গাড়ীত থকা অন্য এগৰাকী কংগ্রেছ কর্মীৰ হাতত তুলি দিয়ে ৰাহুলে৷ বিজেপিৰ তৰফৰ পৰা দাবী কৰা হৈছে যে ঘটনাটো ৰাহুলৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’ৰ সময়ৰ৷ এই ভিডিঅ’ পোষ্ট কৰি অমিত মালব্যই লিখে– ‘মাত্র কেইদিনমান আগেয়ে কংগ্রেছ সভাপতি খার্গেজীয়ে দলীয় বুথ এজেণ্টসকলক কুকুৰৰ সৈতে তুলনা কৰিছিল৷ এইবাৰ ৰাহুল গান্ধীয়ে তেওঁৰ যাত্রাৰ সময়ত এটা কুকুৰক বিস্কুট খুৱাইছে, কিন্তু কুকুৰটোৱে যেতিয়া বিস্কুট নাখালে, তেতিয়া সেই বিস্কুট তেওঁৰ দলৰ কর্মীসকলকে খাবলৈ দিছে৷’ ইয়াতেই শেষ কৰা নাই অমিতে৷ বিজেপিৰ আইটি চেলৰ মুৰব্বীগৰাকীয়ে পুনৰ লিখে– ‘কোনো দলৰ সভাপতি আৰু ‘যুৱৰাজ’–এ যদি তেওঁৰ দলৰ কর্মীসকলক কুকুৰ ভাবি এনেধৰণৰ আচৰণ কৰে, তেন্তে সেই দল বিলুপ্ত হোৱাটোৱেই স্বাভাৱিক৷’ বিজেপি নেত্রী পল্লৱী চিটিয়ে আকৌ গান্ধী পৰিয়ালক ‘নির্লজ্জ’ বুলি কটাক্ষ কৰিছে৷ ইফালে, বিজেপিয়ে এই ঘটনাৰ ভিডিঅ’ক লৈ কংগ্রেছ তথা ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰাৰ পিছতে ইয়াৰ স্পষ্টীকৰণ দি ৰাহুল গান্ধীয়ে কয় যে কুকুৰটোৱে বিস্কুট খাবলৈ নিবিচৰাত কুকুৰটোৰ মালিকৰ হাতত তেওঁ সেই বিস্কুট দিছিল৷ পিছত কুকুৰটোৱে মালিকৰ হাতৰ সেই বিস্কুট খোৱা বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে৷

Featured