জনসভাতে অসুস্থ হৈ পৰিল কংগ্রেছ সভাপতি খাৰ্গে

🔹 কাশ্মীৰত নির্বাচনী প্রচাৰ

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : জনসভাত ভাষণ দি থকা সময়তে অসুস্থ হৈ পৰিল কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গে৷ জম্মু-কাশ্মীৰৰ অন্তিম পর্যায়ৰ নির্বাচনৰ প্রচাৰত অংশ লৈছিল খার্গেই৷ কাঠুৱাৰ এখন জনসভাত ভাষণ দি আছিল কংগ্রেছ সভাপতিগৰাকীয়ে৷ হঠাতে অস্বস্তি বোধ কৰে কংগ্রেছ সভাপতিগৰাকীয়ে৷ তাৎক্ষণিকভাৱে চিকিৎসকক মাতি অনা হয়৷ ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে দলীয় প্রার্থীৰ হৈ জনসভাত ভাষণ দিছে খার্গেই৷ হঠাতে তেওঁৰ চকু দুটা মুদ খাই আহিছে৷ লগে লগে দলৰ এগৰাকী নেতাই খার্গেৰ হাতত ধৰে৷ কোনো ৰকমে নিৰাপত্তাৰক্ষী আৰু অন্য কংগ্রেছ নেতাসকলে খার্গেক চকী এখনত বহুৱাই দিয়ে৷ অকণমান পানী খাই অৱশ্যে পুনৰ ভাষণ দিবলৈ উঠে খার্গে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আক্রমণৰ লক্ষ্য হিচাপে লৈ খার্গেই কয়– ‘মোৰ বয়স ৮৩৷ তথাপি সোনকালে নমৰোঁ৷ মোদীক গাদীৰ পৰা উৎখাত কৰাৰ পিছতহে মৰিম৷’

Featured