২০২২ত সম্পূর্ণ হ’ব নতুন সংসদ ভৱনৰ নির্মাণ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ চলিত বর্ষৰ ডিচেম্বৰ মাহত নতুন সংসদ ভৱনৰ নির্মাণৰ কাম আৰম্ভ হ’ব আৰু এই নির্মাণৰ কাম সম্পূর্ণ হ’ব ২০২২ৰ অক্টোবৰত৷ ভাৰতীয় গণতন্ত্রৰ ঐতিহ্য প্রতিফলিত কৰি বিশাল সংবিধান গৃহকে ধৰি বিশাল আকাৰত নির্মাণ কৰা হ’ব নতুন সংসদ ভৱনটো৷

ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ লোকসভা কার্যালয়ৰ পৰা প্রকাশ কৰা মতে নির্মাণৰ সময়ত সৃষ্টি হ’বলগীয়া বায়ু আৰু শব্দ প্রদূষণ নিয়ন্ত্রণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ নতুন ভৱনটোত ৮৮৮ সাংসদে বহিব পৰাকৈ ব্যৱস্থা গ্রহণ কৰা হ’ব৷