দেশত তৃতীয় জোৱাৰৰ শংকা, দ্রুত বৃদ্ধি ডেল্টাৰ সংক্রমণ

ক’ভিড প্রতিবন্ধকতা ৩০ নৱেম্বৰলৈ বৃদ্ধি কেন্দ্রৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ বিপদঘণ্টা আৰম্ভ হৈছে৷ চীন, গ্রেট ব্রিটেইন আৰু ৰাছিয়াত চিনাক্ত হোৱা ক’ভিড–১৯ৰ ডেল্টা প্রকৰণ এৱাই.৪.২ৰ সংক্রমণ ভাৰততো চিনাক্ত হৈছে৷ যিয়ে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ শংকা বৃদ্ধি কৰিছে৷ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ হাৰ উঠা–নমা হৈ থকাৰ মাজতেই দেশৰ কেইবাখনো ৰাজ্যত ডেল্টা প্রকৰণ এৱাই.৪.২ত আক্রান্ত লোক চিনাক্ত হৈছে৷ দেশত ইতিমধ্যে চিনাক্ত হোৱা ক’ভিড–১৯ৰ ডেল্টা প্রকৰণ এৱাই.৪.২ত আক্রান্ত লোকৰ ভিতৰত সর্বাধিক অন্ধ্রপ্রদেশত ৭জন৷ দেশজুৰি এতিয়ালৈকে আক্রান্ত ১৭জনৰ ভিতৰত কেৰালাত ৪, কর্ণাটকত ২, তেলেংগানাত ২, জম্মু–কাশ্মীৰ আৰু মহাৰাষ্ট্রত এজনকৈ চিনাক্ত হৈছে৷ আন এক তথ্য মতে, মধ্যপ্রদেশতো ক’ভিড–১৯ৰ ডেল্টা প্রকৰণ এৱাই.৪.২ত আক্রান্ত দুজন লোক চিনাক্ত হোৱা বুলি প্রচাৰ হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ইতিমধ্যে ক’ভিড–১৯ৰ ডেল্টা প্রকৰণ এৱাই.৪.২ক লৈ দেশবাসীক সকীয়নি দিছে৷

মন কৰিবলগীয়া যে গ্রেট ব্রিটেইনত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ ইয়াৰ বিপৰীতে ৰাছিয়া আৰু চীনতো বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ ডেল্টা প্রকৰণ এৱাই.৪.২ক লৈ আই চি এম আৰ আৰু এন চি ডি চিৰ দলে গৱেষণা আৰু বিভিন্ন ধৰণে অধ্যয়ন চলাই আছে৷ ব্রিটিছ বিজ্ঞানীয়ে প্রকাশ কৰা মতে, প্রকৃত ডেল্টা প্রকৰণৰ তুলনাত নতুন এৱাই.৪.২ প্রকৰণটো ১৫ শতাংশ বেছি সংক্রমিত৷ বিগত ২৮ দিনত গ্রেট ব্রিটেইনত এই নতুন প্রকৰণটোত আক্রান্তৰ সংখ্যা ৯ শতাংশ বৃদ্ধি পাইছে৷ ক’ভিড–১৯ৰ ডেল্টা প্রকৰণৰ নতুন ৰূপ এৱাই.৪.২৷ এই নতুন প্রকৰণটো গ্রেট ব্রিটেইনত বিৱর্তিত হৈছে৷ উল্লেখ্য যে ২০২০ চনৰ অক্টোবৰত ভাৰতত প্রথমে ডেল্টা প্রকৰণ বি.১.৬১৭.২ চিনাক্ত হৈছে৷ এই মুহূর্তত ডেল্টা প্রকৰণৰ নতুন ৰূপটো কিমান ভয়াৱহ হ’ব, সেই সন্দর্ভত বিজ্ঞানীসকলে একো অনুমান কৰিব পৰা নাই৷
ক’ভিড–১৯ৰ প্রতিবন্ধকতা ৩০ নৱেম্বৰলৈ সম্প্রসাৰণ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ
উৎসৱৰ বতৰত মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ শংকাৰ প্রতি লক্ষ্য ৰাখি ক’ভিড–১৯ৰ প্রতিবন্ধকতা ৩০ নৱেম্বৰলৈ সম্প্রসাৰণ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ আজি কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই প্রতিবন্ধকতা বৃদ্ধিৰ ঘোষণা কৰিছে৷ মন কৰিবলগীয়া যে যোৱা ২৩ অক্টোবৰৰ পৰা দেশজুৰি এদিনত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিততেই দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ৰ অধীনৰ ধাৰা ১০ (২) (১)ৰ অধীনত মন্ত্রালয়ে ক্ষমতাৰ অধীনত ক’ভিড–১৯ প্রতিবন্ধকতা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছে৷

Featured