দিল্লীত ফটকা ফুটালে ২০০ টকা জৰিমনাসহ ৬ মাহৰ কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: দিল্লীৰ বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সজাগ অৰবিন্দ কেজৰিৱালৰ আপ চৰকাৰ। এতিয়া দিল্লী চৰকাৰে ৰাজধানীত ফটকা জ্বলোৱা আৰু ক্ৰয় কৰা সন্দৰ্ভত এক নতুন নিয়ম জাৰি কৰিছে। আজি দিল্লীৰ পৰিৱেশমন্ত্ৰী গোপাল ৰায়ে কয় যে দিল্লীত ফটকা কিনি জ্বলালে ২০০ টকা জৰিমনা আৰু ৬ মাহৰ কাৰাদণ্ড হ’ব।

ইয়াৰ লগতে তেওঁ কয় যে ৰাজধানীত ফটকা নিৰ্মাণ, মজুত কৰা আৰু বিক্ৰী কৰাসকলক তিনি বছৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

উল্লেখ্য যে উৎসৱ আৰু শীতকালত যাতে বায়ুৰ গুণাগুণ বেয়া নহয় তাৰ বাবে দিল্লী চৰকাৰে ফটকা নিষিদ্ধ কৰিছে। দিল্লীত ফটকা নিষিদ্ধকৰণ কাৰ্যকৰী কৰিবলৈ দিল্লী চৰকাৰে মুঠ ৪০৮টা দল গঠন কৰিছে। ইয়াৰ লগতে দিল্লী আৰক্ষীয়ে সহকাৰী আৰক্ষী আয়ুক্তৰ অধীনত ২১০টা দল গঠন কৰিছে। ৰাজহ বিভাগে ১৬৫টা দল গঠন কৰিছে আৰু দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে ৩৩টা দল গঠন কৰিছে।

Featured