তাপপ্রবাহে দহিছে দেশৰ হিন্দীবলয়, দিল্লীত ৪৯ ডিগ্ৰী লৈ উঠিল পাৰাস্তম্ভ

বিশেষ বাৰ্তা, ১৬ মেঃ প্ৰৱল বৃষ্টি আৰু মেঘুলা আকাশে ক্ষণিকৰ প্ৰশান্তি দিলেও তাপপ্রবাহ পৰিস্থিতি উভতিছে দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অংশত। বতৰ বিজ্ঞান কেন্দ্ৰৰ পূর্বাভাস সত্য প্ৰমাণিত কৰি প্রচণ্ড তাপপ্রবাহ আৰম্ভ হৈ গৈছে ৰাজধানী দিল্লীত। বিগত কেবাদিন ধৰি দিল্লীত গৰম বাঢ়ি আছিল। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, সকলো অভিলেখ ভাঙি সোমবাৰে দিল্লীৰ সর্বোচ্চ তাপমাত্রা হৈছেগৈ ৪৯ ডিগ্রী চেলছিয়াছ। দিল্লীত চফদৰজঙত ৪৫.৬ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে উত্তৰ-পশ্চিম দিল্লীৰ মুংগেশপুৰ আৰু দক্ষিণ-পশ্চিম দিল্লীৰ নাজাফগড়ত ক্ৰমে ৪৯.২ আৰু ৪৯.১ ডিগ্ৰী চেলছিয়াছ হৈছেগৈ। ইপিনে, উত্তৰ প্ৰদেশৰ বুণ্ডেলখণ্ড অঞ্চলৰ বান্দা জিলাত দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ, যিটো ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ। আনহাতে, আই এম ডিয়ে সমগ্ৰ কেৰেলাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আৰু পাঁচখন জিলাৰ বাবে ৰেড এলাৰ্ট ঘোষণা কৰিছে।