পেছাত এগৰাকী চিকিৎসক; ভাৰতীয় সেনাৰ মেজৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ৰমেশ পোখৰিৱাল নিশাংকৰ পৰিয়ালে মঙলবাৰে নাৰী দিৱসৰ দিনাই এটা শুভবাৰ্তা লাভ কৰে। পোখৰিৱালৰ জীয়ৰী শ্ৰেয়াচী নিশাংক সেনাত যোগদান কৰাৰ পাঁচ বছৰৰ ভিতৰতে মেজৰ পদলৈ পদোন্নতি লাভ কৰিছে।

উল্লেখ্য যে উত্তৰাখণ্ডৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ কমেও এজন সদস্যই ভাৰতীয় সেনাত যোগদান কৰে। সেই ‘পৰম্পৰা’ অনুসৰি, পোখৰিৱালৰ জীয়ৰীয়ে সেনাত যোগদান কৰিছিল। সেয়া প্ৰায় পাঁচ বছৰ আগৰ কথা।

পেছাত এগৰাকী চিকিৎসক শ্ৰেয়াচীয়ে বৰ্তমান উত্তৰাখণ্ডৰ ৰুৰকীৰ আৰ্মি হাস্পতালত কৰ্তব্যত আছে। ২০১৮ চনত, তেওঁ হৰিদ্বাৰ জিলাৰ আৰ্মি মেডিকেল কৰ্পৰ একেখন চিকিৎসালয়তে যোগদান কৰিছিল।

ইপিনে নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পোখৰিৱালে শ্ৰেয়াচীৰ পদোন্নতিৰ বাতৰি পাই স্বাভাৱিকতে আনন্দিত হৈ পৰে।