খাদ্য নিদিয়াৰ বাবে সুৰাসক্ত চালকে ট্রাকৰে ভাঙিলে হোটেল

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : মহাৰাষ্ট্রৰ পুনেত এখন হোটেলত খাদ্য নিদিয়াৰ বাবে খং উঠি ট্রাকচালক এজনে তেওঁৰ গাড়ীখন হোটেলৰ ভিতৰত সুমুৱাই দিয়ে৷ হোটেলৰ ক্ষতি হোৱাৰ পূর্বে বাহিৰত ৰখা কেইবাখনো বাহন খুন্দিয়াই ক্ষতিগ্রস্ত কৰে ট্রাকৰ চালকজনে৷ হোটেলখনৰ বিস্তৰ ক্ষতিসাধন হৈছে যদিও কোনো লোক হতাহত হোৱা নাই৷ ইতিমধ্যে এই ঘটনাত জড়িত সুৰাসক্ত ট্রাকচালকজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তথ্য মতে পুনে–চোলাপুৰ ঘাইপথত হিংগাংগাঁৱৰ এখন হোটেলত ট্রাকচালকজনে খাদ্য বিচাৰে যদিও হোটেলখনৰ মালিকে চালকজনে সুৰা সেৱন কৰাৰ বাবে খাদ্য দিবলৈ অসন্মত হয়৷ ইয়াকে লৈ খং উঠি সুৰাসক্ত ট্রাকচালকজনে নিজৰ গধুৰ ট্রাকখন হোটেলৰ ভিতৰত সুমুৱাই দিয়ে৷ উল্লেখ্য যে কণ্টেইনাৰ ট্রাকখন চোলাপুৰৰ পৰা পুনেলৈ গৈ আছিল৷ ঘাইপথত উক্ত স্থানত থকা হোটেলত খাদ্য বিচাৰি গৈ বিফল হোৱা বাবেই ট্রাকচালকজনে এনে আমোদজনক ঘটনাটো সংঘটিত কৰিছে৷ ট্রাকচালকজনৰ এই কাণ্ডক স্থানীয় লোকে বাধা প্রদান কৰি শিলগুটি নিক্ষেপ কৰিছিল যদিও সেই সকলোবোৰ কেৰেপ নকৰি চালকজনে গধুৰ ট্রাকখন দোকানৰ ভিতৰত সুমুৱাই দিয়ে৷ আৰক্ষীয়ে এই সন্দর্ভত ঘটনাস্থলীত উপস্থিত হৈ গোচৰ ৰুজু কৰি ট্রাকচালকজনক গ্রেপ্তাৰ কৰিছে৷

Featured