দ্ৰুতগতিত গলিছে হিমালয়ৰ বৰফ, এছিয়া-আফ্ৰিকাৰ প্ৰচুৰ ধূলিয়েই দায়ী

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ এছিয়া আৰু আফ্ৰিকান অঞ্চলত প্ৰদূষণ আৰু ধূলিৰ মাত্ৰা বৃদ্ধিৰ বাবে পূৰ্বৰ তুলনাত দ্ৰুতহাৰত গলিব ধৰিছে হিমালয়ৰ বৰফ। এটা নতুন অধ্যয়নে এই দাবী কৰিছে। গৱেষণাযোগে জানিব পৰা গৈছে যে পশ্চিম হিমালয়ৰ ওখ পাহাৰৰ ওপৰত উৰি থকা ধূলিয়ে এনেদৰে দ্ৰুতগতিত বৰফ গলাৰ মুখ্য কাৰক।

নেচাৰ ক্লাইমেট চেঞ্জ আলোচনীত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ধূলিৰ বাবে এনে হোৱাৰ কাৰণ হ’ল ধূলিয়ে সূৰ্যৰ পোহৰ শোষণ কৰে আৰু শেষত আশে-পাশে থকা অঞ্চলত ইয়াক এৰি দিয়ে। বহুসংখ্যক ধূলিয়ে এৰা উষ্ণতাৰ ফলতে বৰফৰ গলন প্ৰক্ৰিয়াও বৃদ্ধি হ’ব ধৰিছে।

বায়ু মণ্ডলীয় বিজ্ঞানীৰ মতে, আফ্ৰিকা আৰু এছিয়াৰ পৰা শ শ মাইল দূৰত্বত উৰি থকা ধূলিয়ে হিমালয় পাহৰত স্পৰ্শ কৰি বৰফ গলন প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে। গৱেষকসকলে চিন্তা ব্যক্ত কৰে যে দ্ৰুতগতিত বৰফ গলন এক চিন্তাৰ বিষয়, কিয়নো হিমালয়ৰ বৰফৰ ভিত্তিতে এছিয়াৰ নদ-নদীয়ে পাইছে জীৱন প্ৰবাহ। আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই চলিছে চীন, ভাৰত বা অসমৰ জনজীৱন। দ্ৰুত বৰফ গলনে ভৱিষ্যতে এনে নদ-নদীসমূহলৈ অসামঞ্জস্য কঢ়িয়াই আনিব পাৰে।