ইজিপ্তত তিনিটা প্রাচীন ৰাজবংশৰ সমাধি উদ্ধাৰ

ইতিহাসৰ অজানা সমল লাভ কৰিছে প্রত্নতাত্ত্বিকে

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ প্রাচীন ইজিপ্তৰ ফাৰাহসকলৰ শাসনৰ পূর্বৰ বহু সমাধি উদ্ধাৰ হৈছে দেশখনত৷ দেশখনৰ প্রত্নতাত্ত্বিকসকলে শেহতীয়াকৈ উদ্ধাৰ কৰিছে হাইকছোসকলৰ পাছৰ এই সমাধিক্ষেত্রবোৰ৷ লক্ষণীয়ভাৱে পশ্চিম এছিয়াৰ প্রব্রজনকাৰীসকলে সেই সময়ত দেশখনত বাস কৰিছিল৷ নীল নদীৰ ব–দ্বীপত এই সমাধিবোৰ উদ্ধাৰ হোৱাৰ পাছতে ইজিপ্তৰ প্রত্নতাত্ত্বিকসকলে দেশখনৰ ইতিহাসৰ বহু সমল বিচাৰি পোৱা যাব বুলি আশা প্রকাশ কৰিছে৷ উল্লেখনীয় যে ইজিপ্তত ৫০০০ বছৰতকৈ অধিক পূর্বৰ ফাৰাহ শাসক গোষ্ঠীৰ বহু সম্রাটৰ সমাধি ইতিমধ্যে উদ্ধাৰ হৈছে৷

শেহতীয়াকৈ কাইৰোৰ উত্তৰ প্রান্তৰ দাকাহলিয়া প্রদেশত এই সমাধিক্ষেত্র উদ্ধাৰ হোৱাৰ লগে লগে প্রাচীন ইজিপ্তৰ দুটা গুৰুত্বপূর্ণ শাসনকালৰ ন ন তথ্য পোহৰলৈ আহিছে৷ উল্লেখনীয় যে বুটো শাসনকালৰ ৬৮টা সমাধি উদ্ধাৰ হৈছে ভূ–গর্ভত৷ এই বুটো বংশৰ শাসন আৰম্ভ হৈছিল ৩৩০০ খ্রীষ্টপূর্বৰ সময়ত৷ ইয়াৰ উপৰি ৫টা সমাধি পোৱা গৈছে নাকাডা তৃতীয় ৰাজবংশৰ৷ নাকাডা তৃতীয় ৰাজবংশৰ শাসন ৩১০০ খ্রীষ্টপূর্বত আৰম্ভ হৈছিল ইজিপ্তত৷ স্মর্তব্য যে দেশখনৰ পর্যটন আৰু প্রত্নতাত্ত্বিক মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ ইয়াৰ উপৰি হাইকছো ৰাজবংশৰ ৩৭টা সমাধি উদ্ধাৰ হৈছে শেহতীয়া খননত৷ ১৮০০ খ্রীষ্টপূর্বত হাইকছোসকলৰ ছিনাই অঞ্চললৈ প্রব্রজন ঘটিছিল পশ্চিম এছিয়াৰ পৰা৷