Facebook, WhatsApp আৰু TikTok চলোৱাত আহিব পাৰে বাধা; আহি আছে নতুন আইন

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ এতিয়াৰে পৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰত অলপ কঠিনতা আহিব পাৰে । কাৰণ কেন্দ্ৰ চৰকাৰে দেশৰ সকলো ছ’চিয়েল মিডিয়া যেনে ফেছবুক(Facebook), হোৱাটছএপ (WhatsApp), ইষ্টাগ্ৰাম (Instagram), টুইটাৰ (Twitter) আৰু টিকটক (TikTok) ত একাউণ্ট খোলাৰ পূৰ্বে কিছুমান নিয়ম বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এক সূত্ৰ মতে, এতিয়াৰে পৰা পৰিচয় পত্ৰ (ID verification) পৰিক্ষণ অবিহনে কোনো মাধ্যমতে একাউণ্ট খুলিব নোৱাৰিব ।

পৰিচয় পৰিক্ষণ কিয় প্রয়োজনীয় ?

আই টি মন্ত্ৰণালয়ৰ (IT Ministry) এক সূত্ৰই সদৰী কৰা অনুসৰি, বিগত কিছু দিনত মিছা বাতৰি, অসম্প্ৰদায়িক বাৰ্তাৰ লগতে এই সামাজিক মাধ্যমসমূহত যিকোনো ধৰণৰ মন্তব্য দিয়া ঘটনা বৃদ্ধি পাইছে । বিশেষকৈ কিছুমান অসামাজিক তথ্য বা খবৰ ভুৱা একাউণ্টৰ যোগেদি সামাজিক মাধ্যমসমূহত প্ৰচাৰ কৰি এই মাধ্যমসমূহৰ অপপ্ৰয়োদ কৰি অহা দেখা গৈছে । যাৰ বাবে এনে কিছুমান কাৰণতে চৰকাৰে নতুন বিধি তৈয়াৰ কৰিছে ।

শীঘ্ৰে এই আইনক কেবিনেটত অনুমোদন কৰি সংসদত উত্থাপন কৰাৰো সম্ভাৱণা আছে ।

Comments (0)
Add Comment