প্রেমত ব্যর্থ ! ৰে’ল লাইনতে গভীৰ টোপনি কিশোৰীৰ

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : প্রেমত ব্যর্থ হৈ আত্মহনন কৰিব আহিছিল৷ কিন্তু দীর্ঘসময় ধৰি ৰে’ল লাইনত প্রতীক্ষা কৰাৰ পাছতো ৰে’ল নাহিল৷ গতিকে লাইনতে সুখনিদ্রাত পৰিল কিশোৰী৷ দীর্ঘ সময়ৰ পাছত ৰে’ল আহিল ঠিকেই, তথাপি আত্মহনন কৰা নহ’ল৷ জৰুৰী ব্রেক টানি ৰে’ল ৰখাই কিশোৰীক জগাই দিলে ৰে’লৰ লোকো পাইলটে৷ সমগ্র ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত৷ বিহাৰৰ মোতিহাৰিৰ এই ঘটনা৷ ১৫–১৬ বছৰীয়া কিশোৰীজনীৰ প্রেম হৈছিল এজন যুৱকৰ সৈতে৷ কিন্তু পৰিয়ালে সেই প্রেম মানি লোৱা নাছিল৷ গতিকে বিদ্যালয়ৰ পৰা বাহিৰে বাহিৰে আত্মহনন কৰিবলৈ আহিছিল৷ দুখে–ভাগৰে আহি ৰে’ল লাইনত শুই থকা অৱস্থাতে আহিল গভীৰ টোপনি৷ যেতিয়া লোকো পাইলটে জগাবলৈ গ’ল তেতিয়া কিশোৰীগৰাকীয়ে ৰে’ল লাইন ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে৷ ৰে’ল লাইনতে বহি পৰে কিশোৰীজনী৷ অৱশেষত স্থানীয় কেইগৰাকীমান মহিলাই আহি কিশোৰীজনীক জোৰকৈ দাঙি লৈ যায়৷

Featured